আজি মহা শিৱৰাত্ৰি। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে এইবাৰো বৰপথাৰ অঞ্চলৰ দুৱৰণি শিৱ মন্দিৰত অতি উলহ-মালহেৰে মহা শিৱৰাত্ৰিৰ আয়োজন কৰা দেখা গল। মন্দিৰভাগত পুৱাৰ ভাগৰ পৰাই যথেষ্ট ভক্তৰ সমাগম ঘটে। দুদিনীয়াকৈ আয়োজন কৰা শিৱৰাত্ৰিত দুৱৰণি শিৱ মন্দিৰৰ চৌহদত দেখা গল নানান সা=সামগ্ৰীৰ দোকান পোহাৰ। ভক্ত সকলেও শিৱৰাত্ৰি উপলক্ষে চাকি বন্তি জ্বলাই শিৱ বাবাৰ চৰণত মনোকামনা কৰি সেৱা আগবঢ়াই আৰু দোকান সমূহত বিভিন্ন বয়=বস্তু ক্ৰয় কৰে।
0 Comments