মুম্বাইত অনুষ্ঠিত জুনিয়ৰ মিছ ইণ্ডিয়া প্ৰতিযোগিতাত অসমক প্ৰতিনিধিত্ব কৰি সংযুক্তাই শ্যাম নামৰ এগৰাকী আঠ বছৰীয়া কিশোৰী সংযুক্তা শ্যামে "জুনিয়ৰ মিচ ইণ্ডিয়া ২০২৪"ৰ বিজয় মুকুট পিন্ধাৰ লগতে Best Smile আৰু Best Ramp Walkৰ নিচিনা দুটাকৈ মূল্যবান Sub Titleলাভ কৰে। শুক্ৰবাৰে সংযুক্তা সৰুপথাৰত উপস্থিত হয় আৰু নিজ গাঁৱলৈ ৰজাপুখুৰী শ্যাম গাঁওৰ সৰহ সংখ্যক লোকেই গাড়ীৰ সমদলেৰে সংযুক্তাক আদৰি নিয়ে। ৰজাপুখুৰী শ্যাম গাঁৱত সংযুক্তাক সম্বৰ্ধনা জনাবলৈ আত্মীয় কুটুম্বৰ লগতে বহুতো স্থানীয় লোক তথা দল=সংগঠনৰ বিষয়ববীয়া একত্ৰিত হয় আৰু ৰজাপুখুৰী বৌদ্ধ মন্দিৰ প্ৰাঙ্গনত আনুষ্ঠানিকতাৰ মাজেৰে সকলোৱে সংযুক্তাক সম্বৰ্ধনা জনোৱাৰ লগতে মৰম আৰু আশীৰ্বাদ যাচে। সংযুক্তা শ্যামৰ সফলতাত এতিয়া ৰজাপুখুৰী অঞ্চলৰ লগতে সমগ্ৰ অসমবাসী ৰাইজে গৌৰৱ অনুভৱ কৰিছে। কণমানি জনীৰ পিতৃ ড° নিপন শ্যাম আৰু মাতৃ পাপৰী বুঢ়াগোহাঁই শ্যামে সংযুক্তাক তাই ভালপোৱা বাটেৰেই আগবঢ়াই নিয়াত গুৰুত্ব দিয়াৰ লগতে সকলো সা-সুবিধা প্ৰদান কৰিছে।
0 Comments