ৰুপথাৰত মাধ্যম সম্পৰ্কত লোৱা কেবিনেটৰ প্ৰতিলিপি দাহ আছুৰ। আৰক্ষীৰ সৈতে হতাহতি আছু কৰ্মীৰ।
বুধবাৰে পুৱাই গৰজি উঠিল সৰুপথাৰ আঞ্চলিক ছাত্ৰ সন্থা। সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে মাধ্যম সম্পৰ্কত লোৱা কেবিনেটৰ সিদ্ধান্তৰ প্ৰতিবাদত সৰুপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ অৰ্ধ শতাধিক ছাত্ৰ কৰ্মীয়ে সৰুপথাৰ নগৰৰ ছহিদ বেদীৰ সমীপত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদথলীত আছু কৰ্মী সকলে মাধ্যম সম্পৰ্কত কেবিনেটে লোৱা সিদ্ধান্তৰ প্ৰতিলিপ দাহ কৰে আৰু আৰক্ষীৰ সৈতে হতাহতি হোৱা পৰিলক্ষিত হয়। প্ৰতিবাদথলীত তেওঁলোকে অসম চৰকাৰ হায় হায়, মাতৃভাষা জীয়াই ৰাখিবই লাগিব ইত্যাদি শ্লোগানেৰে সৰুপথাৰ নগৰৰ ৰাজপথ কপাই তোলে।
0 Comments