Header Ads Widget

Responsive Advertisement

Sarupathar betoni


আজি দিনৰ ভাগত ঘটিল এক মৰ্মান্তিক তথা শোকাকোল ঘটনা। সৰুপথাৰ বেতনি তিনিআলিৰ কৃষ্ণা গীৰি নামৰ এজন ব্যক্তিৰ কৰুণ মৃত্যু ঘটে। পৰিয়ালৰ লোকে জনোৱা মতে প্ৰয়াত ৰাজেন্দ্ৰ গীৰিৰ পুত্ৰ কৃষ্ণা গীৰি নামৰ এজন ব্যক্তিয়ে ঘৰৰ ওচৰতে পৰিয়ালৰ লগত মাছ ধৰিবলৈ গৈছিল। পৰৱৰ্তী সময়ত কৃষ্ণা গীৰিয়ে ঘাঁহ কটাৰ উদ্দেশ্যৰে ঘৰলৈ কাচি এখন নিও বুলি আহিল। যিটো সময়ত ঘৰত মাকৰ বাহিৰে আন কোনো সদস্য নাছিল। সকলোলোকেই মাছ ধৰা স্থানত আৰু অন্যান্য কামত ব্যস্ত আছিল। দিনৰ বাৰমান বজাত যেতিয়া বহুসময় ধৰি কৃষ্ণাক নেদেখি বিচাৰ সুচাৰ কৰাত লাগিল তেতিয়া ঘৰৰ পিছফালে থকা টিউবেলৰ কাষৰ নলাত অচেতন অৱস্থাত পৰি থকা দেখা পাই আৰু ততাতৈয়াকৈ সৰুপথাৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰে। পিছে চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে। পৰিয়ালৰ লোকে জনোৱা মতে তেওঁৰ মৃগী বেমাৰ আছিল। যাৰবাবে এতিয়া পৰিয়ালটোত কান্দোনৰ ৰোল উঠিছে। শোকত ভাগি পৰিছে পৰিয়াল তথা স্থানীয় ৰাইজ। কৃষ্ণা গীৰিয়ে মৃত্যুৰ সময়ত পত্নীৰ লগতে প্ৰায় সাত বছৰীয়া কণমানি জীয়ৰীক আৰু মাতৃ তথা আন আন ককাইভাই সকলক এৰি থৈ গৈছে।




 

Post a Comment

0 Comments

Sarupathar Live