:সদ্যঘোষিত অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত ধনশিৰি মহকুমালৈ কেইবাজনো যুৱক=যুৱতীয়ে সু=নাম কঢ়িয়াবলৈ সক্ষম হল। সৰুপথাৰ পদুমনিলৈ গৌৰৱ কঢ়িয়ালে সুৰজ দুৱৰা নামৰ এগৰাকী ছাত্ৰই। ২০২০বৰ্ষত স্নাতক পৰীক্ষাত উত্তীৰ্ণ হৈ ২০২১বৰ্ষৰ পৰা APSCপৰীক্ষাৰ বাবে সাজু হৈছিল সুৰজ দুৱৰা। অত্যন্ত আত্মবিশ্বাসী ছাত্ৰজনে ছমাহ পূৰ্বে অসম চৰকাৰৰ কাজিৰঙাত অৱস্থিত ফিল্ড ডাইৰেক্টৰ কাৰ্যালয়ত জুনিয়ৰ এচিছটেন্ট হিচাবে নিযুক্তি লাভ কৰিছিল। বৰ্তমান পুনৰ নিজ প্ৰচেষ্টা আৰু অধ্যয়নৰ বলত অসম লোক সেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ হৈ গাণনিক বিষয়া হিচাবে নিযুক্তি লাভ কৰিছে। সুৰজৰ সফলতাত পদুমনি অঞ্চলৰ লগতে সমগ্ৰ ধনশিৰিবাসী আনন্দিত হৈ পৰিছে।
0 Comments