Header Ads Widget

Responsive Advertisement

National Prerana Doot Award 2023-24



সৰুপথাৰৰ জ্যোতিৰ্ময় বৰগোহাঁইক "প্ৰাইড অৱ ইয়ং হিন্দুস্থান" ২০২৪বঁটা প্ৰদান।

ভোগালী বিহুৰ আনন্দৰ মাজতেই সৰুপথাৰলৈ গৌৰৱ কঢ়িয়াই আনিলে ১নং পদুমনি অঞ্চলৰ ছাত্ৰ জ্যোতিৰ্ময় বৰগোহাঁই। ছাত্ৰজনক সৰ্বভাৰতীয় স্বেচ্চাসেৱী সংগঠন ইয়ংগিস্তান ফাউণ্ডেশ্বনে আগবঢ়াইছে চচিয়েল এক্টিভিষ্ট কেটেগৰিত "প্ৰাইড অৱ ইয়ং হিন্দুস্থান" ২০২৪বঁটা। সৰুপথাৰ নগৰৰ ১নং পদুমনিৰ বাসিন্দা সুনীল বৰগোহাঁই আৰু ইন্দিৰা বৰাৰ পুত্ৰ জ্যোতিৰ্ময় বৰগোহাঁই বৰ্তমান যোৰহাট অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি অৰ্থনীতি আৰু কৃষি ব্যৱস্থাপনা বিভাগৰ স্নাতকোত্তৰ পৰ্যায়ৰ অধ্যয়নৰত ছাত্ৰ। ধুবুৰীৰ শৰৎ চন্দ্ৰ সিংহ কৃষি মহাবিদ্যালয়ত স্নাতক ডিগ্ৰী অধ্যয়ন কৰি থকা সময়ৰ পৰায়ে জ্যোতিৰ্ময়ে সামাজিক ক্ষেত্ৰখনৰ লগত সক্ৰিয়ভাৱে জড়িত হৈ আছে। ইয়ংগিস্তান ফাউণ্ডেশ্বনে ভাৰতবৰ্ষৰ ১৫খন ৰাজ্যৰ পৰা এজনকৈ লোকক নিৰ্বাচন কৰি এই বঁটা প্ৰদান কৰিছে। জ্যোতিৰ্ময়ে ইয়াৰপূৰ্বে অসম চৰকাৰৰ অন্তৰ্গত ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়, অসমৰ তৰফৰ পৰা ২০২০-২১ বৰ্ষৰ স্বেচ্ছাসেৱক শ্ৰেণীত ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ "অসম ৰাজ্যিক" বঁটা পাবলৈও সক্ষম হৈছিল৷ জ্যোতিৰ্ময়ৰ সফলতাত পিতৃ=মাতৃৰ লগতে সমগ্ৰ ধনশিৰি মহকুমাবাসী আনন্দিত হৈ পৰিছে। জ্যোতিৰ্ময়ে Face Of Future India ফাউণ্ডেশ্যনৰ তৰফৰ পৰা National Prerana Doot Award 2023-24 ৰ বাবেও নিৰ্বাচিত হৈছে। উক্ত বঁটা তেওঁ অহা ফেব্ৰুৱাৰী মাহৰ ৩ তাৰিখে বিহাৰৰ ছাপ্ৰা চহৰত গ্ৰহণ কৰিবলৈ যাব।


 

Post a Comment

0 Comments

Sarupathar Live

চৰাইবাহী বৈষ্ণৱজ্যোতি নামঘৰৰ মজিয়াত শিশুৰ দিহানাম || Naojan Korigaon News Today || Naojan News 2024