অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত উজ্বলিল নগাজুৰী খনিকৰ গাঁওৰ পলাশী বৰা। পলাশীয়ে ২০১৯চনত ৰসায়ন বিজ্ঞানৰ স্নাতক পৰীক্ষা উত্তীৰ্ণ হৈ নিজকে প্ৰস্তুত কৰিছিল APSC পৰীক্ষাৰ বাবে। দ্বিতীয় বাৰৰ বাবে পৰীক্ষা দি সফলতা অৰ্জন কৰা পলাশী বৰা ৰিজাল্ট দিয়াৰ সময়ত ঘৰত নাছিল। যোৰহাটৰ বান্ধবীৰ ঘৰত ফুৰিবলৈ গৈছিল তাই। বৃহস্পতিবাৰে পলাশী যোৰহাটৰ পৰা নিজা বাসগৃহত উপস্থিত হৈয়ে নিজ প্ৰয়াত পিতৃ প্ৰমোদ বৰাৰ সমাধিস্থলত সেৱা জনাই আৰু কান্দোনত ভাঙি পৰে। মাতৃ ৰুমী বৰায়ে পলাশীক গেটৰ সন্মুখৰ পৰা চাকি বন্তি জ্বলাই তাইৰ হৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি আদৰণি জনাই আৰু পলাশীক সাৱটি কান্দোনত ভাঙি পৰে। পলাশীক তাইৰ সমন্ধীয় কেইবাগৰাকীও ভনীয়েক আৰু আত্মীয়ই সাৱটি ধৰে। পলাশীয়ে পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকাৰ মাজতে নিজ পিতৃক হেৰুৱাই যদিও মাতৃ ৰুমী বৰাই তাইৰ কাষত সাহস হৈ থিয় দিয়ে। লগতে পলাশীয়েও অত্যন্ত সাহস আৰু ধৈৰ্যৰে নিজকে আগবঢ়াই নিয়ে। আজি পলাশীৰ সফলতাত মাতৃ, পৰিয়ালবৰ্গৰ লগতে খনিকৰ গাঁও তথা সমগ্ৰ ধনশিৰিবাসী গৌৰাৱাম্বিত হৈ পৰে।
0 Comments