Header Ads Widget

Responsive Advertisement

Sarupathar news today



সৰুপথাৰ অঞ্চলৰ এচাম শিক্ষিত অসমীয়া যুৱক। যিসকল যুৱকে দৈনিক ই=ৰিক্সা চলাই স্বাৱলম্বী হোৱাৰ লগতে নিজ নিজ পৰিয়াল চলাইছে। কৰ্মমুখী এই যুৱকসকলে পঢ়া=শুনা কৰি কিবা এটা পাম বুলি আশা পালি ৰৈ থকা নাই। সৰুপথাৰ নগৰত ই=ৰিক্সা চলাই কৰি গৈছে জীৱন সংগ্ৰাম। এইসকল যুৱকৰ অধিকাংশই B.A. অথবা Higher Secondary পাছ। বৰ্তমান সময়ত বহুতো অসমীয়া যুৱক যুৱতীয়ে চেন্নাই নতুবা বাংগালোৰত কেইটামান টকাৰ বিনিময়ত চিকিউৰিটি গাৰ্ডৰ নিচিনা কৰ্ম কৰিবলৈ ঢ়াপলি মেলিছে। তেনেস্থলত কিন্তু এইসকল অসমীয়া শিক্ষিত যুৱকে নিজ ঠাইতে থাকি ই=ৰিক্সা চলাই সুন্দৰ জীৱন=যাপন কৰি সকলোৰে মাজত আদৰ্শ স্বৰূপ হৈ পৰিছে। সৰুপথাৰ নগৰত সৰ্বমুঠ প্ৰায় তিনি চাৰিশ ই=ৰিক্সা আছে। তাৰে মাজত অতি কমেও প্ৰায় ৫০জন মান অসমীয়া শিক্ষিত যুৱকে এনেদৰে ই=ৰিক্সা চলাই সুন্দৰ নিদৰ্শন দেখুৱাইছে আৰু বহুজনৰ বাবে আদৰ্শ হৈ পৰিছে।


 

Post a Comment

0 Comments

Sarupathar Live

চৰাইবাহী বৈষ্ণৱজ্যোতি নামঘৰৰ মজিয়াত শিশুৰ দিহানাম || Naojan Korigaon News Today || Naojan News 2024