Header Ads Widget

Responsive Advertisement

Today assamese news

 


সৰুপথাৰ সমষ্টিৰ নাওজান বিলপথাৰ গাঁওৰ চিচুৰাম বৰাই কৰা ধানখেতিৰ বিষয়ে শুনিলে আপুনিও অনুপ্ৰাণিত হব। তেখেতে ১০ বিঘা নিজা মাটিৰ লগতে দুখনকৈ গাঁওৰ চন পৰি ৰোৱা প্ৰায় ১০০বিঘাতকৈও অধিক মাটিত ধান খেতি কৰিছে। তেখেতে নিজা মাটিত খেতি কৰিবলৈ আগবঢ়া দেখি গাঁওৰ কিছু সংখ্যক লোকে তেওঁলোকৰ চন পৰি ৰোৱা মাটিসমূহত তেখেতকে চুক্তি সাপেক্ষে খেতি কৰিবলৈ চমজাই দিলে। চিচুৰাম বৰাইয়ো অতি সাহসেৰে নিজা মাটিৰ লগতে প্ৰায় ১০০বিঘাতকৈও অধিক মাটিত ধানখেতি কৰিলে। তেখেতৰ এই কৰ্মক সকলোৱে শলাগ জনালে আৰু উঠি অহা প্ৰজন্মক কৰ্ম সংস্কৃতিৰ আদৰ্শ দেখোৱাবলৈ সক্ষম হল। কৰ্মই ধৰ্ম। তেখেতৰ মতে নাই নাই কৰি বহি থাকিলে বা বাহিৰত ঘূৰি ফুৰিলে একো লাভ নাই। নিজৰ মাটিকেইদৰাত খেতি কৰিলে অন্তত আন একো নহলেও ঘৰৰ ভাতমুঠি যোগাৰ হয়। সেয়হে গাঁওৰ ডেকালৰা বোৰক এনেয়ে নাথাকি খেতি কৰিবলৈ আহবান জনাই। চিচুৰাম বৰা বৰ্তমান খেতি চপোৱাত ভীষণ ব্যস্ত। প্ৰায় ৮০গৰাকী পুৰুষ মহিলাক ডাঙৰি কঢ়িয়াবলৈ লগাইছে। ইফালে মহিলাসকলো বৰ ফূৰ্তিবাজ। তেওঁলোকে ডাঙৰি কঢ়িওৱাৰ মাজতে এফাকি বিহু গাই নাচি নাচি আনন্দ কৰা দেখা গল। তেখেতৰ এই কৰ্মই সকলোকে অনুপ্ৰাণিত কৰাৰ লগতে এক আদৰ্শ হৈ পৰিছে।

Post a Comment

0 Comments

Sarupathar Live