✍️সৰুপথাৰ বাৰ'ঘৰীয়া গাঁওৰ এটি তিনি বছৰীয়া বিস্ময় বালক উৎপল বৰা।
✍️যিটো বয়সত মানুহৰ মুখত ভালদৰে কথাই নুফুটে তেনে এটা বয়সত এই শিশুটিয়ে শংকৰদেৱ, জৱাহৰলাল নেহেৰু, বিষ্ণুপ্ৰসাদ ৰাভা, কুশল কোঁৱৰৰ বিষয়ে সলসলীয়াকৈ কব পাৰে।
✍️পৰিয়ালৰ সকলো লোকৰে নাম, গাঁওৰ নাম, মন্ত্ৰী, বিধায়কৰ নাম সকলোবিলাক স্পষ্টকৈ কব পাৰে উৎপলে।
✍️পিতৃ জয়ন্ত বৰা, মাতৃ উৰ্মিলা বৰা আৰু বায়েকৰ লগতে অঙ্গনবাদী কৰ্মী কমলা দুৱৰাই তাক দুবছৰ বয়সৰ পৰাই অতি মৰম আৰু যত্নৰে নানান শিক্ষা প্ৰদান কৰিছে।
✍️উৎপলৰ মুখত কবিতা, গীত, ভাওনাৰ বচন শুনিলে আপোনাৰো আচৰিত লাগিব।
0 Comments