Header Ads Widget

Responsive Advertisement

Bordin latest news



সৰুপথাৰ ২৫ ডিচেম্বৰ:  আজি পৱিত্ৰ বৰদিন। বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে সৰুপথাৰতো উলহ- মালহে উদযাপন কৰিছে বৰদিন। সৰুপথাৰ পদুমণিস্থিত  'ঈশ্বৰ নামঘৰ'ত শান্তি-সম্প্ৰীতি, ভাতৃত্ববোধৰ বাৰ্তা লৈ খৃষ্টান ধৰ্মাৱলম্বী লোকসকলে উদযাপন কৰিছে পৱিত্ৰ দিনটো। সকলোৱে একগোট হৈ যীচু খ্ৰীষ্টক প্ৰাৰ্থনা জনাইছে। পৃথিৱীবাসীৰ হৈ তেওঁলোকে ঈশ্বৰক প্ৰাৰ্থনা জনাইছে বুলি জানিবলৈ দিছে। উল্লেখযোগ্য যে শীতকালীন সময়তেই যীচু খৃষ্ট পৃথিৱীলৈ জন্ম গ্ৰহণ কৰিছিল বুলি ইতিহাস  আছে; সেই পৱিত্ৰ সময়ছোৱাৰ পৰাই  ২৫ ডিচেম্বৰ দিনটো খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে 'বৰদিন' (ডাঙৰ দিন) হিচাপে পালন কৰে বুলি জানিবলৈ দিছে। পুৱাৰ ভাগৰে পৰা সৰুপথাৰত বৰদিনক লৈ উখল-মাখল পৰিৱেশ দেখিবলৈ পোৱা গৈছে। খৃষ্ট ধৰ্মাৱলম্বী লোকসকলে যীচুৰ উপাসনাত ব্ৰতী হোৱা দেখিবলৈ পোৱা গৈছে।




 

Post a Comment

0 Comments

Sarupathar Live

আগন্তুক ডিচেম্বৰ মাহৰ ২৭ আৰু ২৮ তাৰিখে Northeast Best Dancer আৰু Northeast Fashion Starৰ Semi Finale