Header Ads Widget

Responsive Advertisement

Biswajit phukan mla

বিধায়ক বিশ্বজিৎ ফুকনে শ্বহীদ দিৱসৰ দিনাই উন্মোচন কৰিলে শ্বহীদ অনিল বৰাৰ শ্বহীদ বেদী

আজি শ্বহীদ দিৱস। শ্বহীদ দিৱসৰ পবিত্ৰ দিনটোতেই সৰুপথাৰ ৰাজহুৱা খেলপথাৰ প্ৰাঙ্গনত নতুনকৈ নিৰ্মাণ কৰা অসম অস্তিত্ব ৰক্ষাৰ আন্দোলনত শ্বহীদ হোৱা অনিল বৰাৰ এটি শ্বহীদ বেদী সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে  শুভ উন্মোচন কৰে। বিগত বহু বছৰ ধৰি শ্বহীদ অনিল বৰাৰ শ্বহীদ বেদী নিৰ্মাণৰ ক্ষেত্ৰত পৰিয়ালবৰ্গৰ লগতে সৰুপথাৰ অঞ্চলৰ ছাত্ৰ সন্থাকে ধৰি বিভিন্ন দল=সংগঠনে অসম চৰকাৰৰ ওচৰত দাবী জনাই আহিছিল যদিও কাৰ্যক্ষম হোৱা নাছিল। কিন্তু বিধায়ক বিশ্বজিৎ ফুকনে বিষয়টোক শ্ৰদ্ধা আৰু সন্মান জনাই সৰুপথাৰ ৰাজহুৱা খেলপথাৰৰ সমাধিস্থলত আটক ধুনীয়াকৈ এটি ছহিদ বেদী নিৰ্মাণ কৰি আজি পৰিয়ালবৰ্গৰ ওচৰত অৰ্পণ কৰে। সেয়েহে শ্বহীদ অনিল বৰ্গৰ পৰিয়াল বৰ্গই বিধায়ক বিশ্বজিৎ ফুকনৰ লগতে সকলো দল=সংগঠনক ধন্যবাদ আৰু কৃতজ্ঞতা জনাই।

Post a Comment

0 Comments

Sarupathar Live