Header Ads Widget

Responsive Advertisement

Sarupathar college golden jubilee 2023



সৰুপথাৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তীৰ সাংস্কৃতিক শোভাযাত্ৰা

দৈয়াং ধনশিৰিৰ পৃষ্ঠভূমিত ১৯৭০চনত জন্ম লাভ কৰা সৰুপথাৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপনৰ অন্তিম দিনা পুৱাৰ ভাগত আৰম্ভ হল বিভিন্ন জাতি=জনগোষ্ঠীৰে ভৰপুৰ এক সাংস্কৃতিক শোভাযাত্ৰা। সৰ্বমুঠ ৬০টা জাতি=জনগোষ্ঠীৰ দলে ভাগ লোৱা এই শোভাযাত্ৰাত প্ৰতিটো জনগোষ্ঠীয়েই প্ৰদৰ্শন কৰিলে নিজ নিজ কলা=কৃষ্টি। অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড° সিদ্ধেশ্বৰ বৰাই উদ্বোধন কৰা আৰু অৱসৰপ্ৰাপ্ত অধ্যক্ষ মণিপ্ৰভা বৰাই নেতৃত্ব লোৱা এই বৰ্ণিল শোভাযাত্ৰাত মহাবিদ্যালয়খনৰ অধ্যক্ষা ড° প্ৰাপ্তি ঠাকুৰৰ লগতে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন আৰু মহাবিদ্যালয়খনৰ শিক্ষক=কৰ্মচাৰী, ছাত্ৰ=ছাত্ৰী তথা ৬০টাকৈ জাতি=জনগোষ্ঠীৰ দলে শোভাযাত্ৰাৰ জৰিয়তে জনসাধাৰণৰ মাজত বিলাই গল সম্প্ৰীতিৰ বতৰা। বিহুকে প্ৰমুখ্য কৰি বড়ো নৃত্য, মণিপুৰি নৃত্য, ঝুমইৰ, নগা নৃত্য, নেপালি, মুচলমান ইত্যাদি সকলো সম্প্ৰদায়ৰ লোকে প্ৰদৰ্শন কৰিলে পৰম্পম্পৰাগত তথা জাতীয় নৃত্য।


 

Post a Comment

0 Comments

Sarupathar Live

চৰাইবাহী বৈষ্ণৱজ্যোতি নামঘৰৰ মজিয়াত শিশুৰ দিহানাম || Naojan Korigaon News Today || Naojan News 2024