Header Ads Widget

Responsive Advertisement

Assam state karate


সদৌ অসম ভিত্তিত আয়োজিত কাৰাটে প্ৰতিযোগিতাটাত ধনশিৰিয়ে আজুৰিলে শ্ৰেষ্ঠ দলৰ খিতাপ।


যোৱা ৫ নৱেম্বৰ তাৰিখে যোৰহাট জিলাৰ মঘাই ওজা কলাক্ষেত্ৰত সদৌ অসম ভিত্তিত অনুষ্ঠিত ষষ্ঠ সংখ্যক কাৰাটে প্ৰতিযোগিতাত ধনশিৰিৰ পৰা এটি দলে অংশ গ্ৰহণ কৰি শ্ৰেষ্ঠ দলৰ খিতাপ লাভ কৰিবলৈ সক্ষম হয়। প্ৰশিক্ষক ভূপাল ৰাইৰ নেতৃত্বত যোৱা দলটোৱে প্ৰতিটো ইভেন্টতে সুন্দৰ খেল প্ৰদৰ্শন কৰি কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ মেডেল লাভ কৰে। ধনশিৰি মহকুমাৰ সৰুপথাৰ, বৰপথাৰ, নাওজান আৰু পদুমনি অঞ্চলত অৱস্থিত প্ৰশিক্ষণ কেন্দ্ৰ সমূহত প্ৰশিক্ষক ভূপাল ৰাইৰ অধীনত ছাত্ৰ=ছাত্ৰী সকলে বিগত বহুবছৰ ধৰি চাওলীন কুংম্ফু, কাৰাটে আৰু কিক বক্সিঙৰ প্ৰশিক্ষণ গ্ৰহণ কৰি আহিছে। ইয়াৰ পূৰ্বেও অসম তথা সৰ্বভাৰতীয় পৰ্যায়ত অনুষ্ঠিত বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ভূপাল ৰাইৰ নেতৃত্বত যোৱা ধনশিৰি মহকুমাৰ দলটিয়ে বহু সংখ্যক মেডেল লাভ কৰি অঞ্চলটিলৈ গৌৰৱ কঢ়িয়াই আনিছে।

 

Post a Comment

0 Comments

Sarupathar Live

আগন্তুক ডিচেম্বৰ মাহৰ ২৭ আৰু ২৮ তাৰিখে Northeast Best Dancer আৰু Northeast Fashion Starৰ Semi Finale