Header Ads Widget

Responsive Advertisement

Ladakh bike ride 2023



লাডাখ জয় কৰি সুকলমে সৰুপথাৰত উপস্থিত ৰজাপুখুৰীৰ নাজমুল আলি।

সুদীৰ্ঘ এমাহযোৰা যাত্ৰাৰ অন্তত লাডাখ জয় কৰি সুকলমে সৰুপথাৰত উপস্থিত হল ৰজাপুখুৰী অঞ্চলৰ নাজমুল আলি। তেওঁ নিজৰ এভেঞ্জাৰ বাইকেৰে 'Save tree, Save world' নামৰ এক পৰিৱেশ সংৰক্ষণৰ বাৰ্তা লৈ লাডাখ যাত্ৰা কৰিছিল। নাজমুলে বহুতো একা বেকা কন্টকময় পথেৰে যাত্ৰা কৰি ভাৰতবৰ্ষৰ সৰ্বমুঠ দহখন ৰাজ্য অতিক্ৰম কৰাৰ লগতে প্ৰায় দহহাজাৰ কি:মি: বাট অতিক্ৰম কৰি লাডাখত উপস্থিত হয়। বহুদিনীয়া সপোন আৰু আশা পুৰণ কৰি নাজুমল যেতিয়া গন্তব্যস্থানত উপনীত হৈছিল তেতিয়া এক বুজাব নোৱাৰা আনন্দ অনুভৱ কৰিছিল। নাজমুলে লাডাখৰ সৰ্বোচ্চ মটৰেবল পাছ ওমলিংলা পাছ আৰু খাৰদুংলা পাছত উপস্থিত হৈ অসমৰ স্বাভিমান গামোছা উৰুৱাই ধনশিৰি তথা বজালবাৰীলৈ গৌৰৱ কঢ়িয়াই আনে। নাজমুল আলি শুক্ৰবাৰে বিয়লি ৫বজাত সৰুপথাৰ নগৰত  উপস্থিত হয় আৰু তেওঁৰ বজালবাৰী গাঁওৰ বহুতো আত্মীয় আৰু ওচৰচুবুৰীয়া আহি ফুলাম গামোছাৰে সম্বৰ্ধনা জনোৱাৰ লগতে অভিনন্দন জ্ঞাপন কৰে।

Post a Comment

0 Comments

Sarupathar Live