সৰুপথাৰৰ অসম নাগালেণ্ড সীমান্তৰ চুঙাজান দিগবীৰ বস্তিত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ দুজন লোকক গ্ৰেপ্তাৰ ৷
১৩ টা চাবোনৰ বাকচত লুকুৱাই আনিছিল ড্ৰাগছখিনি ৷
জব্দ হোৱা ড্ৰাগছ খিনিৰ পৰিমাণ প্ৰায় ১৫৫ গ্ৰাম ৷ জব্দকৃত ড্ৰাগছখিনিৰ মূল্য আনুমানিক ২.৫০ লাখ টকা ৷
AS03 AA 1090 নম্বৰৰ বলেৰ' বাহনত মণিপুৰৰ পৰা ডিমাপুৰ হৈ সৰবৰাহ কৰিবলৈ লৈছিল ড্ৰাগছখিনি ৷
গোলাঘাটৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মৃণ্ময় দাসৰ নেতৃত্বত সৰুপথাৰ ,নাওজান আৰু চুঙাজান থানাৰ আৰক্ষীৰ এটা বৃহৎ দলে জব্দ কৰে ড্ৰাগছ খিনি ৷
# আটকাধীৱ লোক দুজনৰ নাম নুৰচাদ আলী আৰু মাৰাজুল হুচেইন ৷
0 Comments