Header Ads Widget

Responsive Advertisement

Gandhi jayanti 2023



গান্ধী জয়ন্তী উপলক্ষে সৰুপথাৰ উপজিলা প্ৰশাসনৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান।

আজি গান্ধী জয়ন্তী। পবিত্ৰ দিনটোত দেশৰ বিভিন্ন প্ৰান্তৰ লগতে আজি সৰুপথাৰটো জাতিৰ পিতা মহাত্মা গান্ধীক স্মৰণ কৰি সৰুপথাৰ নগৰৰ মাজমজিয়াত থকা গান্ধীৰ প্ৰতিমূৰ্তিত সৰুপথাৰ উপজিলা প্ৰশাসনৰ উদ্যোগত আৰু সৰুপথাৰ পৌৰসভাৰ সহযোগত শ্ৰদ্ধাঞ্জলি অৰ্পণ কাৰ্যসূচী সম্পন্ন কৰে। উক্ত অনুষ্ঠানত অতিৰিক্ত জিলা আয়ুক্ত দিনছেংফা বৰুৱা আৰু সহকাৰী আয়ুক্ত সুতৃষ্ণা বৰদলৈৰ লগতে সৰুপথাৰ পৌৰসভাৰ বিষয়ববীয়া আৰু কৰ্মচাৰী সকলে ভাগ লয়। জাতিৰ পিতা মহাত্মা গান্ধীয়ে জীৱিত কালত যিহেতু স্বচ্ছতাৰ ওপৰত অধিক গুৰুত্ব দিছিল সেয়েহে অনুষ্ঠানটোত উপজিলা প্ৰশাসন আৰু সৰুপথাৰ পৌৰসভাৰ তৰফৰ পৰা চাফাই কৰ্মীসকলক একোটিকৈ উপহাৰৰ টোপোলা আগবঢ়াই উৎসাহিত কৰে।


 

Post a Comment

0 Comments

Sarupathar Live