দীঘলীপুখুৰীৰ পাৰৰ পৰা Spiral Potato আহি সৰুপথাৰ পালেহি।
দীঘলীপুখুৰীৰ পাৰত ভাইৰেল হোৱা Spiral Potato এইবাৰ সৰুপথাৰ পালেহি। সৰুপথাৰ অঞ্চলৰ ২নং গন্ধকৰৈ গাঁওৰ হিমাশ্ৰী গগৈ আৰু সৰুপথাৰ নগৰৰ বাৰ্বি দাস নামৰ দুগৰাকী শিক্ষিত যুৱতীয়ে ঘৰত এনেয়ে সময় পাৰ নকৰি স্বাৱলম্বী হোৱাৰ পথত আগবঢ়াইছে প্ৰথমটো খোজ। বাৰ্বি আৰু হিমাশ্ৰীয়ে আৰম্ভ কৰিছে সাৰথি নামেৰে এখনি Spiral Potatoৰ দোকান। সৰুপথাৰ নগৰৰ পুৰণি ষ্টেট বেংক গৃহৰ সন্মুখত যোৱা শুক্ৰবাৰৰ পৰা আৰম্ভ কৰা হিমাশ্ৰী আৰু বাৰ্বিৰ দোকানত Spiral Potatoখাবলৈ এতিয়া মানুহৰ সোঁত বৈছে। বিশেষকৈ যুৱপ্ৰজন্মৰ মাজত ভাল সমাদৰ লাভ কৰা এই Spiral Potatoৰ সোৱাদ লবলৈ তেওঁলোকৰ দোকানত ধনশিৰি মহকুমাৰ বিভিন্ন প্ৰান্তৰ পৰা অহা যুৱক=যুৱতীয়ে হেতাওপৰা লগাইছে।
0 Comments