SARUPATHAR BREAKING
অৱশেষত কৰায়ত্ব কৰিলে উৰিয়ামঘাট ঘটনাৰ মূল মাষ্টাৰমাইণ্ড মুনিন্দ্ৰ শইকীয়াক। ধনশিৰি মহকুমাৰ SDPO, বৰ্তমান নতুনকৈ ASPহিছাপে পদোন্নতি হোৱা ত্ৰিনয়ন ভূঞাই কৰায়ত্ব কৰে মূল অভিযুক্ত মুনিন্দ্ৰ শইকীয়াৰ লগতে তেওঁৰ সহযোগী দীনেশ ওৰাঙক।
অসম নাগালেণ্ড সীমাৰ পৰা আটক কৰে এই ঘটনাৰ লগত জড়িত মূল অভিযুক্তক। লগতে দীনেশ ওৰাঙক কৰায়ত্ত কৰে সৰুপথাৰ নলনীৰ পৰা। ৫ দিন ধৰি সন্ধান ওলোৱা নাছিল ৪৪ বছৰীয়া সংগীতা চাওঁ নামৰ মহিলা গৰাকীৰ। ২.৫০ লাখ টকাৰ লেনদেন আছিল সংগীতা চাওঁ আৰু মুনিন্দ্ৰ শইকীয়াৰ মাজত। দেওবাৰে সংগীতা চাওঁক টকা দিম বুলি ঘৰলৈ মাতি পঠাইছিল মুনিন্দ্ৰ শইকীয়াই। সেই দিনাৰ পৰাই সন্ধান নাছিল ধনশিৰি আৰক্ষীৰ জেৰাৰ অন্ততহে পোহৰলৈ আহিব এই ৰহস্যৰ প্ৰকৃত কাহিনী।
0 Comments