Header Ads Widget

Responsive Advertisement

Golaghat sarupathar news 2023

 


ধনশিৰি মহকুমাত মহকুমা আৰক্ষী বিষয়া হিচাবে প্ৰায় দুবছৰ দিন থকাৰ পিছত সুদক্ষ আৰক্ষী বিষয়া ত্ৰিনয়ন ভূঞা অতৰিক্ত আৰক্ষী অধিক্ষক হিচাবে পদোন্নতি হৈ বজালী অঞ্চললৈ স্থানান্তৰ হল। তেখেতে ধনশিৰি মহকুমাত দক্ষতাৰে আৰু আপোচবিহীনভাৱে আৰক্ষীৰ দায়িত্ব পালন কৰি বিভিন্ন ধৰণৰ ড্ৰাগ্‌চকে ধৰি নানান অপকৰ্মত লিপ্ত থকা ব্যক্তিক কৰায়ত্ত কৰি ধনশিৰি মহকুমাত শান্তি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ত্ৰিনয়ন ভূঞা এজন সমাজপ্ৰিয় ব্যক্তি। তেখেতে জনসাধাৰণৰ মাজত থাকি জনসাধাৰণৰ দুখ=দুৰ্দশাৰ বুজ লোৱাৰ লগতে ধনশিৰি মহকুমাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত হৈ জনসাধাৰণৰ হকে কাম কৰিছিল। মহকুমা আৰক্ষী বিষয়াজনে ধনশিৰি মহকুমাত প্ৰাণতোষ দাস ফাউণ্ডেশ্বনৰ সহযোগত সৰুপথাৰ নগৰত আৰু চুঙাজান অঞ্চলত দুটাকৈ পথৰ পুথিভঁৰাল স্থাপন কৰি উঠি অহা প্ৰজন্মক কিতাপৰ প্ৰতি আকৰ্ষিত কৰি তোলাৰ লগতে দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ=ছাত্ৰী সকলেও যাতে দুই এখন বাহিৰা কিতাপৰ সোৱাদ লব পাৰে তাৰ বাবে দুটি মহান উপহাৰ প্ৰদান কৰি গল। ত্ৰিনয়ন ভূঞা ধনশিৰি চাইকেল ক্লাৱৰ এজন সক্ৰিয় সদস্য। তেখেতে ধনশিৰি চাইকেল ক্লাবৰ আন আন সদস্য সকলৰ লগত পুৱাৰ ভাগত প্ৰায় চাইকেল চলাইছিল। তেখেতে মহকুমাটোৰ পৰা ড্ৰাগ্‌চ নিষ্পত্তি কৰাৰ ক্ষেত্ৰটো বহুবাৰ সজাগতামূলক পদক্ষেপ হাতত লৈ সৰুপথাৰ আৰু বৰপথাৰ নগৰৰ বিভিন্ন দেৱালত ড্ৰাগ্‌চ বিৰোধী চিত্ৰ অংকন কৰাই জনসাধাৰণক সজাগ কৰিছিল। কৰ্মসুত্ৰে ধনশিৰি মহকুমালৈ আহি দুবছৰ দিন ধনশিৰিবাসীৰ লগত থাকি সকলোৰে অন্তৰত সোমাই পৰা বিষয়াজনে ১৬আগষ্ট তাৰিখে যাবৰ মূহুৰ্তত সকলো আৱেগিক হৈ পৰে। তেওঁৰ কৰ্মৰাজি আৰু সমাজপ্ৰিয় গুণক ধনশিৰিবাসীয়ে সদায় মনত ৰাখিব।


Post a Comment

0 Comments

Sarupathar Live

মধ্যমপুৰত ৰাস মহোৎসৱৰ ব্যাপক প্ৰস্তুতি | Madhyampur Rakh Puja 2024 | Sarupathar Madhyampur Rakh 2024