Header Ads Widget

Responsive Advertisement

Doyang river latest update 2023



দৈয়াং পৰীয়া ৰাইজলৈ সতৰ্কবাণী। যিকোনো মূহুৰ্তত জলমগ্ন হব পাৰে সমগ্ৰ অঞ্চল।

গোলাঘাট জিলাৰ দৈয়াং নৈ পৰীয়া ৰাইজৰ প্ৰতি সতৰ্কবাণী গোলাঘাট জিলা প্ৰশাসন আৰু ধনশিৰি প্ৰশাসনৰ। যি কোনো মূহুৰ্তত খুলি দিয়া হব পাৰে নগালেণ্ডৰ উষা জিলাত অৱস্থিত দৈয়াং জলবিদ্যুৎ প্ৰকল্প(NEPCO)ৰ ৰিজাৰ্ভাৰৰ পানী। এই কথা গোলাঘাট জিলা প্ৰশাসনক সদৰি কৰিছে NEPCO কতৃপক্ষই। দৈনিক নেৰা নেপেৰা বৰষুণৰ ফলত বৃদ্ধি পাইছে জিলাখনৰ বিভিন্ন নদীসমূহৰ জলপৃষ্ঠ। সমান্তৰালভাৱে বৃদ্ধি পাইছে দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ ৰিজাৰ্ভাৰৰ পানীৰ পৰিমাণ। দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ ৰিজাৰ্ভাৰৰ পানীয়ে বৰ্তমানলৈকে ৩১৯.৭০ মিটাৰ অতিক্ৰম কৰিছে। ৰিজাৰ্ভাৰৰ পানী ৩২১ মিটাৰ স্পৰ্শ কৰিলেই খুলি দিয়া হব পাৰে দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ গেইট সমূহ। সেয়েহে নৈপৰীয়া ৰাইজক সাবধান হৈ থাকিবলৈ অনুৰোধ জনাইছে গোলাঘাট জিলা প্ৰশাসন আৰু ধনশিৰি প্ৰশাসনে। পৰৱৰ্তী জাননী নোপোৱালৈকে নৈপৰীয়া গাঁৱৰ লোকসকলক নদীৰ কাষৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছে প্ৰশাসনে। এই সময়চোৱাত নদীত সাতোঁৰা, মাছ ধৰা, গা ধোৱা, নদীৰ কাষত খেলা-ধূলা কৰা আদিৰ পৰা বিৰত থাকিবলৈও আহ্বান জনাইছে প্ৰশাসনে।


 

Post a Comment

0 Comments

Sarupathar Live

চৰাইবাহী বৈষ্ণৱজ্যোতি নামঘৰৰ মজিয়াত শিশুৰ দিহানাম || Naojan Korigaon News Today || Naojan News 2024