Header Ads Widget

Responsive Advertisement

Uriamghat ajarguri news today



গোলাঘাট জিলাৰ উৰিয়ামঘাট সীমান্তৰ ২নং আজাৰগুৰীত সোমবাৰে আবেলি সংঘটিত হয় শোকাবহ ঘটনা


একেইটা কুঁৱাৰ ভিতৰতে প্ৰান হেৰুৱাবলগীয়া হ'ল পিতা-পুত্ৰই। 
নিজা চৌহদৰ এটা ৰিং কুঁৱাৰ পৰা পানী উত্তোলন নোহোৱাৰ বাবে নিৰঞ্জন ব্ৰহ্ম নামৰ লোকজনে কুঁৱাটোৰ তলত থকা  মতৰটো ভেল্ভ মেৰামতি কৰিবলৈ জখলাৰে নামি গৈ মেৰামতি কৰিবলৈ যাওঁতে কুঁৱাৰ ভিতৰৰ পৰা নিৰ্গত হোৱা বিষাক্ত গেছৰ ফলত উশাহ নিশাহ লব নোৱাৰি  লোক জনে কুঁৱাৰ ভিতৰত অজ্ঞান হৈ পিছলি প্ৰায় ৩০ ফুট গভীৰ কুঁৱাত সোমাই যায়।ইয়াৰ পিছত নিজ পুত্র শিৱম ব্ৰহ্মই পিতৃক উদ্ধাৰ কৰিবলৈ গৈ জিলাৰ কুঁৱাৰ ভিতৰত সোমাই যোৱাৰ লগে লগে অনুৰূপ কুঁৱাৰ ভিতৰৰ বিষাক্ত গেছৰ ফলত চকুৰে একো দেখিব নোৱাৰি উশাহ নিশাহ লব নোৱাৰি কুঁৱাৰ ভিতৰত ঢলি পৰে । ফলত পিতা পুত্ৰৰ মৃত্যু ঘটে। । পিতৃৰ বয়স ৬০ বছৰ পুত্ৰৰ বয়স ২৫ বছৰ। পুত্র শিৱমৰ পত্নী গৰ্ভৱতী। ঘৰখনত একশোকাকুল পৰিবেশ। 

স্থানীয় ৰাইজে উৰিয়ামঘাট আৰক্ষীৰ উপস্থিতিত কেৱাঘণ্টা ধৰি জেচিবি ৰ সহায়ত কুঁৱাৰ মাটি খান্দি নিশা  মৃতদেহ দুটা উদ্ধাৰ কৰে।

Post a Comment

0 Comments

Sarupathar Live