Header Ads Widget

Responsive Advertisement

Sarupathar premhara news 2024

 


ধনশিৰি মহকুমাৰ প্ৰেমহৰা পঞ্চায়তৰ অন্তৰ্গত টেঙাবাৰী গাঁওৰ নিবাসী ধীৰেন গগৈ আৰু নিৰু গগৈৰ জেষ্ঠা কন্যা নিহাৰিকা গগৈ দুবছৰ ধৰি হৃদৰোগত আক্ৰান্ত হৈ আছে। সৰুপথাৰ মহাবিদ্যায়লত অধ্যয়ন কৰি থকা মৰমলগা যুৱতী গৰাকীয়ে অসুখৰ বাবেই পঢ়া=শুনা ত্যাগ কৰিবলগীয়া হল। পিতৃ ধীৰেন গগৈয়েও চকুৰে ভালদৰে মনিব নোৱাৰে। তথাপিও তেনেদৰেই দিন=হাজিৰা কৰি পৰিয়াল চলোৱাৰ লগতে লৰা=ছোৱালীৰ পঢ়া=শুনাৰ খৰছ বহন কৰি আহিছে। জানিব পৰা মতে নিহাৰিকাক চিকিৎসাৰ বাবে দুবছৰৰৰ আগতেই প্ৰথমে সৰুপথাৰত আৰু পিছলৈ যোৰহাটত চিকিৎসা কৰিছিল। কিন্তু তাইৰ হৃদৰোগৰ লগতে এপেনডিক্সৰো অস্ত্ৰোপচাৰ কৰিব লাগিব বুলি চিকিৎসকে জনালে। সেয়েহে ঘৰলৈ ওভোতাই লৈ আনিলে। কাৰণ অস্ত্ৰোপচাৰ কৰিবৰ বাবে তেওঁলোকৰ হাতত নাই ধন। যাৰবাবে দুবছৰ ধৰি মৰমিয়াল ছোৱালীজনি এতিয়া বিচনাৰ সঙ্গী হৈ পৰিল। উপায়হীন হৈ পৰিয়ালবৰ্গই নিহাৰিকাৰ চিকিৎসাৰ বাবে চৰকাৰৰ লগতে ৰাইজৰ সহায় বিচাৰিছে। আপোনাৰ মোৰ অকণমান সহায়ে হয়তু উঠি অহা ছোৱালীজনীৰ লগতে ঘৰখনক এই বিপদৰ পৰা উদ্ধাৰ কৰিব। কোনো হৃদয়বান লোকে সহায় কৰিব বিচাৰিলে পিতৃ ধীৰেন গগৈৰ সৰুপথাৰ SBI শাখাত থকা Account No. 34633548116, IFSC Code- SBIN0002123 ত সহায় কৰিব পাৰিব। লগতে 8136070258 মোবাইল নম্বৰত যোগাযোগ কৰিব পাৰিব।

Post a Comment

0 Comments

Sarupathar Live

চৰাইবাহী বৈষ্ণৱজ্যোতি নামঘৰৰ মজিয়াত শিশুৰ দিহানাম || Naojan Korigaon News Today || Naojan News 2024