Header Ads Widget

Responsive Advertisement

Naojan betanipathar news 2023



মোবাইল চাই গাড়ী চলালে কি হব পাৰে? ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰিল এজন লোক।

আপুনি বাৰু গাড়ী চলাওতে মোবাইল ফোন ব্যৱহাৰ কৰেনেকি? যদিহে কৰে চাওক এই প্ৰতিবেদন। সৰুপথাৰ বেতনি পথাৰ অঞ্চলৰ চিদানন্দ উৰাং নামৰ এজন লোকে নাওজানৰ পৰা ঘৰৰ অভিমুখে আহি থাকোতে ঘটিল ঘটনা। গাড়ী চলাই থকা অৱস্থাত হঠাৎ ফোন কল এটা অহাত ফোনকলটো ৰিচিভ কৰিবলৈ লওতেই তেওঁৰ এল্ট্ৰ বাহনখন ৰাস্তাৰ পৰা তললৈ নামি এজোপা সৰু গছত খুন্দা মাৰি ৰখে। দৈৱক্ৰমে ৰক্ষা পৰে লোকজন। কাৰণ কাষতে আছিল এটি খাৱৈ। গাড়ীখনত লোকজন অকলেই আছিল বুলি জনাইছে। চিদানন্দ বুলা লোকজনৰ ভাগ্য ভাল। তেওঁ কোনোধৰণৰ আঘাত পোৱা নাই আৰু গাড়ীখনৰো বৰ বিশেষ ক্ষয় ক্ষতি হোৱা নাই। তেওঁ আহি থকা সময়ত বিপৰীত দিশৰ পৰা কোনো গাড়ী অহা নাছিল। কিন্তু যদিহে গাড়ীখন আৰু স্পীডত থাকিল হয় খাৱৈত পৰাটো খাতাং। সেয়েহে আপোনাৰ বাহনখন চলাওতে সাৱধান হওক। গাড়ী চলাই থকা অৱস্থাত কেতিয়াও মোবাইল ফোন ব্যৱহাৰ নকৰিব। বেচিকৈ জৰুৰী হলে নিদিষ্ট স্থানত গাড়ীখন ৰখাইহে মোবাইল ফোন ব্যৱহাৰ কৰক। কাৰণ আপোনাৰ মোৰ জীৱনটো মূল্যবান। লগতে বাহিৰত থকা অৱস্থাত আপোনাৰ পৰিয়ালটোৱে ওভটি ঘৰ নোপোৱা পৰ্যন্ত চিন্তা কৰি থাকে।

Post a Comment

0 Comments

Sarupathar Live

চৰাইবাহী বৈষ্ণৱজ্যোতি নামঘৰৰ মজিয়াত শিশুৰ দিহানাম || Naojan Korigaon News Today || Naojan News 2024