ধনশিৰি মহকুমাৰ সীমান্তত এইবাৰ নিৰপেক্ষ বাহিনী CRPF য়ে চলাইছে চিণ্ডিকেটৰাজ ৷ সৰুপথাৰৰ অসম নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাটত নিৰপেক্ষ বাহিনী হিচাপে নিয়োজিত হৈ থকা চিআৰপিএফ বাহিনীৰ C চেক্টৰৰ চেক্টৰ কামাণ্ডাৰ শিল,বালি, ইটা ৰড-চিমেন্ট কঢ়িওৱা গাড়ী সীমান্তলৈ পাৰ হবলৈ দিয়াৰ নামত ব্যৱসায়ী , হিতাধিকাৰী, গাড়ীচালকক ধনদাবী কৰি আহিছিল ৷ উল্লেখযোগ্য যে, প্ৰায় ১ মাহ পূৰ্বে উৰিয়ামঘাটত চেক্টৰ কামাণ্ডাৰ হিচাপে দায়িত্ব গ্ৰহণ কৰিয়েই সঞ্জয় কুমাৰ সিঙে ভিণ্ণ অজুহাত দেখুৱাই গাড়ীসমুহৰ পৰা ধনদাবী কৰি আহিছিল ৷ ইতিমধ্যে ব্যৱসায়ীসকলৰ সৈতে চেক্টৰ কামাণ্ডাৰজনে ফোনত পতা কথোপকথন ভাইৰেল হৈ পৰিছে ৷ যাক কেন্দ্ৰ কৰি উৰিয়ামঘাটত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ উল্লেখযোগ্য যে, অত্যন্ত চতুৰ সঞ্জয় কুমাৰ সিঙে নিজহাতেৰে ধন নলৈ CRPF কেম্পটোৰ সমুখত থকা হৰি শৰ্মা নামৰ এজন হাৰ্ডৱেৰ ব্যৱসায়ীৰ যোগেদি দাবী কৰা ধনসমুহ সংগ্ৰহ কৰিছিল ৷ কিন্তু শনিবাৰে চুতীয়া ছাত্ৰ সন্থা আৰু স্থানীয় ৰাইজৰ ৰোষত পৰিল ব্যৱসায়ী হৰি শৰ্মা আৰু চেক্টৰ কামাণ্ডাৰ ৷ ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাই ব্যৱসায়ী হৰি শৰ্মাক হাটেলোটে ধৰি আৰক্ষীক চমজাই দিয়ে ৷
0 Comments