অসম চৰকাৰে চাহ দিৱসটো ধুনীয়াকৈয়ে পালন কৰে। কিন্তু চাহ শ্ৰমিকৰ সমস্যাহে কেতিয়াও দুৰ কৰিব নোৱাৰে। বছৰ বছৰ ধৰি চাহ শ্ৰমিকসকলে নিজৰ প্ৰাপ্য আৰু সা=সুবিধাৰ পৰা বঞ্চিত হৈ আহিছে। সেয়েহে শুক্ৰবাৰে পুৱাৰভাগত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ বৰপথাৰ আৰু সৰুপথাৰ শাখাৰ যুটীয়া উদ্যোগত বৰপথাৰ পাভজান চাহ ফেক্টেৰিৰ সন্মুখত এঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী পালন কৰে। এই প্ৰতিবাদী কাৰ্যসূচীত পাভজান বাগানৰ চাহ শ্ৰমিক সকলেও সহযোগ কৰে আৰু চাহ শ্ৰমিকৰ দখলত থকা ভূমিসমূহ আবণ্টন দি মাটিৰ ম্যাদি পট্টাকৰণ কৰা, চিকিৎসালয়ত স্থায়ী চিকিৎসক নিযুক্তি দিয়া, চিকিৎসা সেৱাৰ সুবিধা হোৱাকৈ এম্বুলেঞ্চ প্ৰদান কৰা আৰু চাহ শ্ৰমিকৰ অন্যান্য সমস্যা সমূহ সমাধান কৰিবৰ বাবে দাবী জনোৱাৰ লগতে বৰপথাৰ পাভজান চাহ বাগিছাৰ পৰিচালকক এখন চাৰি দফীয়া স্মাৰকপত্ৰ প্ৰেৰণ কৰে।
0 Comments