Header Ads Widget

Responsive Advertisement

Junmoni rabha news 2023



জোনমনি ৰাভা হত্যাকাণ্ডৰ ন্যায় বিছাৰি সৰুপথাৰত উত্তাল প্ৰতিবাদ। প্ৰতিকুল বতৰৰ মাজতেই সাব্যস্ত কৰে এই প্ৰতিবাদ। গোলাঘাট ৰাভা জাতীয় যুৱ পৰিষদ, ৰাভা কৃষ্টি সংঘ, ৰাভা সাহিত্য সভা, ৰাভা মহিলা পৰিষদৰ লগতে সৰুপথাৰ আঞ্চলিক ছাত্ৰ সন্থাই ধনশিৰি মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত এক যোৰদাৰ প্ৰতিবাদ সাব্যস্ত কৰে। সংগঠন কেইটাই জোনমনি ৰাভাৰ হত্যকাণ্ডক পৰিকল্পিত হত্যাকাণ্ড বুলি কয়। সেয়েহে অতি শীঘ্ৰে দোষীক উচিত শাস্তি বিহিবলৈ দাবী জনাই আৰু ধনশিৰি মহকুমাৰ মহকুমাধিপতিৰ যোগেদি ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰী গৰাকীলৈ ২দফীয়া দাবি সম্বলিত এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে। প্ৰতিবাদথলীত তেওঁলোকে অসম চৰকাৰ হায়, হায়, গৃহ বিভাগ হায় হায়, লীনা দলেক গ্ৰেপ্তাৰ কৰক, জনোমনি ৰাভাক ন্যায় প্ৰদান কৰক ইত্যাদি ধ্বনিৰে সম্পুৰ্ণ পৰিৱেশ উত্তাল কৰি তোলে।

Post a Comment

0 Comments

Sarupathar Live

চৰাইবাহী বৈষ্ণৱজ্যোতি নামঘৰৰ মজিয়াত শিশুৰ দিহানাম || Naojan Korigaon News Today || Naojan News 2024