Header Ads Widget

Responsive Advertisement

Sarupathar Bojalbari M.A Enterprise





এক ব্যতিক্ৰমী চৌকাৰ ব্যৱসায়েৰে জিলিকি উঠিছে বজালবাৰীৰ মতিউল

সৰুপথাৰ অঞ্চলৰ ৰজাপুখুৰী পঞ্চায়তৰ অন্তৰ্গত বজালবাৰী গাঁৱত এক ব্যতিক্ৰমী চৌকাৰ ব্যৱসায়েৰে জিলিকি উঠিছে যুৱক মতিউল আলি। সৰুৰ পৰা বহুত কষ্ট আৰু সংগ্ৰামৰ মাজেৰে ডাঙৰ দীঘল হোৱা মতিউলে দীৰ্ঘদিন ধৰি নিবনুৱা সমস্যাত ভুগিছিল আৰু মেকানিকৰ কাম কৰি কোনোমতে চলি আছিল। কিছুদদিনৰ পূৰ্বে ইউটিউবত এটি ব্যতিক্ৰমী চৌকাৰ বিষয়ে জানিব পাৰি মতিউলে সেই চৌকাটো ঘৰলৈ আনিছিল। তেতিয়াৰ পৰাই মনত কিবা এটা কৰাৰ হাবিয়াস জন্ম হৈছিল আৰু লাহেকৈ নাচিকত নিৰ্মিত চৌকাবিধকলৈ নিজে স্বাৱলম্বী হোৱাৰ লগতে আন বহুতো নিবনুৱা যুৱক=যুৱতীক যাতে স্বাৱলম্বী কৰিব পাৰে সেই উদ্দ্যেশ্যে ব্যৱসায় আৰম্ভ কৰিলে। বৰ্তমান সময়ত মতিয়োলৰ ব্যৱসায় অকল সৰুপথাৰ অঞ্চলতে সীমাবদ্ধ হৈ থকা নাই । অসমৰ প্ৰায় ৩২খন জিলাত তেওঁৰ অধীনত এই চৌকাৰ Distributor, Dealer, Sub-Dealerআছে আৰু অৰুণাচল, মেঘালয়, মণিপুৰ, ত্ৰিপুৰা পৰ্যন্ত এই চৌকা অনলাইনযোগে অৰ্ডাৰ লৈ প্ৰেৰণ কৰিছে। এই ব্যতিক্ৰমী চৌকাবিধত কনোধৰণৰ তেল বা গেচৰ প্ৰয়োজন নহয়। কেৱল তিনি চাৰিদাল খৰি নতুবা, শুকান গোবৰ নাইবা শুকান জাবৰৰ সহায়তে অতি সহজতে ৰন্ধা=বঢ়া কৰিব পৰা যায়। মতিউলে বৰ্তমান বজালবাৰী গাঁওৰ নিজ ঘৰৰ সন্মুখতে এটি ব্যৱসায় প্ৰতিষ্ঠান মুকলি কৰি দৈনিক চলাই গৈছে ব্যৱসায়। লগত আছে প্ৰায় ৮/১০জন কৰ্মচাৰী। দৈনিক অসমৰ লগতে অসমৰ বাহিৰৰ পৰাও শতাধিক লোকে এই চৌকা বিধ ক্ৰয় কৰাৰ বাবে ফোনযোগে যোগাযোগ কৰে। ভৱাতকৈ ৰাইজৰ অধিক সহাৰি লাভ কৰাত তেওঁৰ ব্যৱসায়ত প্ৰয়োজন হৈছে অভিজ্ঞতাসম্পন্ন স্থানীয়  যুৱক=যুৱতীৰ। সেয়হে তেওঁ জনাইছে তেওঁৰ কল চেন্টাৰত কাম কৰিবলৈ কেইগৰাকীমান দশম পাছ যুৱতীৰ প্ৰয়োজন হৈছে। লগতে প্ৰয়োজন হৈছে এজন একাউন্টেন্টৰ। একাউন্টেন্টজন দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হব লাগিব বুলৈ জনাইছে তেওঁ। আগন্তুক ১৫এপ্ৰিলৰ ভিতৰত ইচ্ছুক তথা ছমাহ নতুবা এবছৰ কল চেন্টাৰৰ আৰু একাউন্টেন্টৰ বিষয়ে অভিজ্ঞতা থকা স্থানীয় যুৱক=যুৱতীয়ে যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে। ১৫এপ্ৰিলৰ ভিতৰত সেইসকল প্ৰাৰ্থীৰ সাক্ষাৎকাৰ লব। যোগাযোগৰ নম্বৰ হৈছে 8135809947

Post a Comment

0 Comments

Sarupathar Live

চৰাইবাহী বৈষ্ণৱজ্যোতি নামঘৰৰ মজিয়াত শিশুৰ দিহানাম || Naojan Korigaon News Today || Naojan News 2024