Header Ads Widget

Responsive Advertisement

Sarupathar barogharia news 2023



 সৰুপথাৰৰ এগৰাকী শিক্ষিত যুৱতীয়ে দেখুৱাইছে আত্মনিৰ্ভৰশীলতাৰ উৎকৃষ্ট নিদৰ্শন৷ যুৱতীগৰাকীৰ নাম প্ৰিয়মপলা চুতীয়া৷ ঘৰ সৰুপথাৰৰ বাৰঘৰীয়া গাঁৱত৷ প্ৰিয়মপলাই অমিতা, নীম, এল'ভেৰা, আলুৰ ৰস, চাউলৰ ৰস, বিলাহী, মাহ-হালধি, গোলাপৰ ৰস, মৌ আৰু গাখীৰ, ভিটামিন C যুক্ত কমলাৰ বাকলি আদি ছালৰ বাবে বিভিন্ন গুণসম্পন্ন অতি উপকাৰী সামগ্ৰীৰে ঘৰতে জৈৱিক পদ্ধতিৰে প্ৰস্তুত কৰিছে চাবোন। আর্থিক সমস্যাই উচ্চ শিক্ষাত বাধা দিয়াত স্বনির্ভৰশীল হৈ উচ্চ শিক্ষা গ্ৰহণ কৰাৰ বাবে এই জৈৱিকভাৱে প্ৰস্তুত কৰা চাবোনৰ ব্যৱসায় আৰম্ভ কৰে। উল্লেখযোগ্য যে প্ৰিয়মপলাই আৰম্ভ কৰা ব্যৱসায়টোত বৰ্তমান ৰাইজৰ ব্যাপক সঁহাৰি লাভ কৰিছে। বৰ্তমান সময়লৈকে অসমৰ বিভিন্ন প্ৰান্তৰ লোকৰ লগতে অসমৰ বাহিৰৰ লোকেও এই জৈৱিক চাবোন ব্যৱহাৰ কৰিছে।


Post a Comment

0 Comments

Sarupathar Live

চৰাইবাহী বৈষ্ণৱজ্যোতি নামঘৰৰ মজিয়াত শিশুৰ দিহানাম || Naojan Korigaon News Today || Naojan News 2024