ধনশিৰি মহকুমাৰ নাওজান অঞ্চলৰ হৰমুজ আলি নামৰ এজন ব্যৱসায়ীয়ে তেখেতৰ বিপনীত ম্যাদ ওকলি যোৱা খাদ্য সামগ্ৰী জনসাধাৰণৰ মাজত বিক্ৰী কৰাৰ এক গুৰুতৰ অভিযোগ উঠিছে। জানিব পৰা মতে এই অভিযোগ তুলিছে ধনশিৰি মহকুমাৰ লাচিত সেনা অসমে। লাচিত সেনা অসমৰ ধনশিৰিৰ প্ৰচাৰ সম্পাদক দিপেন গগৈয়ে জনোৱা মতে উক্ত বিপনীখনৰ পৰা এজন লোকে খাদ্য সামগ্ৰী কিনি পিছত ম্যাদ ওকলা গম পাই ঘূৰাই দিওতেই তেওঁলোকে কথাটো প্ৰত্যক্ষ কৰে আৰু সামগ্ৰী সমূহ পৰীক্ষা কৰাত অধিকাংশ সামগ্ৰীৰে ম্যাদ ওকলা দেখে। সেয়েহে আজি লাচিত সেনা অসমৰ এটি দল ধনশিৰি মহকুমাৰ মহকুমাধিপতি কাৰ্যালয়ত উপস্থিত হৈ সেই সন্দৰ্ভত অৱগত কৰাৰ লগতে এখনি স্মাৰক পত্ৰ প্ৰদান কৰি অতিশীঘ্ৰে উক্ত ম্যাদ ওকলি যোৱা সামগ্ৰীসমূহ বিক্ৰী কৰা বন্ধ কৰিবলৈ দাবী জনাই।
0 Comments