ধনশিৰি জিলা মজলীয়া বিদ্যালয় শিক্ষক সন্থাৰ উদ্যোগত মঙ্গলবাৰে আয়োজন কৰা কুইজ প্ৰতিযোগিতাৰ সফল সমাপ্তি হয়। সৰুপথাৰ ছেৱাগুৰি মজলীয়া বিদ্যালয় প্ৰাঙ্গনত অনুষ্ঠিত হোৱা এই কুইজ প্ৰতিযোগিতাখন সৰ্বমুঠ চাৰিখন বিদ্যালয়ৰ ছাত্ৰ=ছাত্ৰীয়ে অংশ গ্ৰহণ কৰে। ছাত্ৰ=ছাত্ৰী সকলৰ প্ৰতিভাসমূহ এখন মঞ্চ প্ৰদান কৰি উলিয়াই অনাৰ উদ্দেশ্যে আয়োজন কৰা এই কুইজ প্ৰতিযোগিতাখন নিম্ন প্ৰাথমিক শাখা তৃতীয় শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ আৰু উচ্চ প্ৰাথমিক শাখাত ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ অনুষ্ঠিত হয়। কুইজৰ দলসমূহক কুইজ মাষ্টাৰে সোধা প্ৰতিটো প্ৰশ্নৰ শুদ্ধ উত্তৰ তপৰাই দিয়াত কুইজ মাষ্টাৰে তেওঁলোকৰ প্ৰতিভাক শলাগ জনাই। সাধাৰণতে বেচৰকাৰী বিদ্যালয়ৰ তুলনাত চৰকাৰী তথা অসমীয়া মাধ্যমৰ বিদ্যালয় সমূহৰ ছাত্ৰ=ছাত্ৰীৰ জ্ঞানৰ পৰিসৰ কম বুলি ভৱা যায় যদিও এই প্ৰতিযোগিতাখনৰ দ্বাৰা সেই কথাষাৰ সম্পুৰ্ণ মিছা প্ৰতিপন্ন হয়। যিহেতু ছাত্ৰ=ছাত্ৰীসকলৰ জ্ঞান আৰু পাৰদৰ্শিতাই সকলোকে আচৰিত কৰি তোলে। নিম্ন শাখা, উচ্চ শাখাৰ প্ৰতিটো দলেই কুইজ প্ৰতিযোগিতাখনৰ প্ৰতিটো শিতানত থকা ইংৰাজী, অসমীয়া, হিন্দী ভাষাৰ অধিকাংশ প্ৰশ্নৰ উত্তৰেই সলসলীয়াকৈ আৰু শুদ্ধৰূপত প্ৰকাশ কৰে। এই প্ৰতিযোগিতাখনৰ নিম্ন প্ৰাথমিক শাখাত নাহৰবাৰী মজলীয়া বিদ্যালয়ৰ ধনশিৰি দল প্ৰথম আৰু ছেৱাগুৰি মজলীয়া বিদ্যালয়ৰ জাঁজী দল দ্বিতীয় হয়। ইফালে উচ্চ প্ৰাথমিক শাখাত ছেৱাগুৰি মজলীয়া বিদ্যালয়ৰ নাহৰ দল প্ৰথম আৰু নাহৰবাৰী মজলীয়া বিদ্যালয়ৰ শেৱালী দল দ্বিতীয় হয়। প্ৰতিযোগিতাৰ অন্তত সকলো বিজয়ী প্ৰতিযোগীকে বঁটা প্ৰদান কৰি প্ৰতিযোগিতাখনৰ সামৰণি মাৰে।
0 Comments