Header Ads Widget

Responsive Advertisement

Barpathar bengenaati news today



টেঙানী শ্ৰীশ্ৰী বেঙেনাআটী শাখা সত্ৰত উপস্থিত মাজুলীৰ ডেকা সত্ৰাধিকাৰ।।

ধনশিৰি মহকুমাৰ টেঙানী অঞ্চলত থকা শ্ৰীশ্ৰী বেঙেনাআটী শাখা সত্ৰলৈ মাজুলী বেঙেনাআটী সত্ৰৰ শ্ৰীশ্ৰী ডেকা সত্ৰাধিকাৰ প্ৰভুৰ বুধবাৰে বিয়লি আগমন ঘটে। তেখেত উপস্থিত হোৱাৰ লগে লগেই টেঙানী বেঙেনাআটী শাখা সত্ৰৰ ভকত বৈষ্ণৱ ৰাইজ সহিতে আইমাতৃ সকলে তেখেতৰ চৰণ ধুৱাই আৰু গায়ন বায়নেৰে সম্পুৰ্ণ ধৰ্মীয় নীতি নিয়মৰ মাজেৰে তেখেতক সত্ৰৰ মজিয়ালৈ আদৰি নিয়ে। বুধবাৰৰ পৰা পাঁচদিনীয়াকৈ আৰম্ভ হোৱা গীতা পাঠ আৰু বাখ্যা অনুষ্ঠানৰ লগত সঙ্গতি ৰাখি পবিত্ৰ দিনকেইটাত ডেকা সত্ৰাধিকাৰৰ উপস্থিতিত সকলো ভকত বৈষ্ণৱ ৰাইজৰ সহযোগত নাম প্ৰসঙ্গৰ লগতে শৰণ ভজন আৰু শৰণীয়া ভজনীয়া সকলৰ নাম পঞ্জীয়ন কৰাৰ ব্যৱস্থা কৰিছে। তদুপলক্ষে উক্ত অনুষ্ঠানৰ বাবে টেঙানী জকাইচুক গাঁওৰ শ্ৰীশ্ৰী বেঙেনাআটী শাখা সত্ৰ আৰু সত্ৰীয়া কৃষ্টি সংস্কৃতি বিকাশ কেন্দ্ৰৰ সত্ৰ পৰিচালনা সমিতি, উদযাপন সমিতি আৰু আদৰণি সমিতিৰ সকলো বিষয়ববীয়া একত্ৰিত হৈ এক বৈকুণ্ঠপুৰী সদৃশ পৰিৱেশৰ মাজেৰে অনুষ্ঠানভাগ নিয়াৰিকৈ চলাই নিচে, এই পাঁচদিনীয়া অনুষ্ঠানভাগি সফল কৰি তুলিবৰ বাবে উদযাপন সমিতিয়ে সকলো ভকত বৈষ্ণৱ ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগ কামনা কৰিছে।

Post a Comment

0 Comments

Sarupathar Live

মধ্যমপুৰত ৰাস মহোৎসৱৰ ব্যাপক প্ৰস্তুতি | Madhyampur Rakh Puja 2024 | Sarupathar Madhyampur Rakh 2024