Header Ads Widget

Responsive Advertisement

Gandhokarai gunotsav news 2023



১৮নং গন্ধকৰৈ বিলনী প্ৰাথমিক বিদ্যালয়ত গুণোৎসৱৰ আকৰ্ষণীয় পৰিৱেশ

গুণোৎসৱ হৈছে শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকলক ভাল কাম কৰিবলৈ তথা সেই কামসমূহ প্ৰদৰ্শন কৰিবলৈ অনুপ্ৰাণিত কৰাৰ উদ্দেশ্যে কৰা এক বিশেষ অভিযান। প্ৰাথমিক পৰ্যায়ত ছাত্ৰ-ছাত্ৰীৰ শিক্ষণ স্তৰৰ উন্নতি অনাৰ বাবে শৈক্ষিক খণ্ডত ৰাজ্যৰ গুণগত মান বৃদ্ধিৰ এক পদক্ষেপ। সেয়েহে বিগত বৰ্ষৰ দৰে এইবাৰো ৰাজ্যখনৰ শিক্ষাৰ গুণগত মান বৃদ্ধি কৰাৰ লক্ষ্যৰে ১ফেব্ৰুৱাৰীৰ পৰা ৪ফেব্ৰুৱাৰীলৈকে আৰম্ভ হৈছে দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱত। গুণোৎসৱৰ দিনা দক্ষিণ শিক্ষা খণ্ড, গোলাঘাটৰ অধীনত থকা সৰুপথাৰ ১৮নং গন্ধকৰৈ বিলনী প্ৰাথমিক বিদ্যালয়ত ওখল মাখল পৰিৱেশ। পুৱাৰ ভাগত বিদ্যালয়খনত বহী মূল্যায়ক উপস্থিত হোৱাৰ লগে লগে কণ কণ ছাত্ৰ=ছাত্ৰী সকলে নিয়মানুবৰ্তিতাৰ মাজেৰে আদৰণি গীত পৰিৱেশন কৰি মূল্যায়কক আদৰণি জনাই। পুৱা ৯বজাত আৰম্ভ হোৱা প্ৰাতঃসভাত ছাত্ৰ=ছাত্ৰী সকলে শৃংখলাবদ্ধভাৱে প্ৰাৰ্থনা, কছৰৎ, অসম সংগীত, নেওতা, সাঁথৰ, বক্তৃতা, কবিতা আবৃত্তি, মহৎলোকৰ বাণী পৰিৱেশন কৰি সকলোৱে নিজ নিজ দক্ষতা প্ৰদৰ্শন কৰে। পৰৱৰ্তী সময়ত ছাত্ৰ=ছাত্ৰীসকলৰ মাজত পৰীক্ষা অনুষ্ঠিত হয় আৰু অনুষ্ঠানৰ শেষত উপস্থিত থকা বহী মূল্যায়কৰ সন্মুখত  ছাত্ৰ=ছাত্ৰী সকলে সাজিকাচি কৃষ্ণ নৃত্যকে ধৰি বিভিন্ন কলা=কৃষ্টি প্ৰদৰ্শন কৰে। বিগত তিনি বছৰে গুণোৎসৱত এ প্লাচ (A+) গ্ৰেড পাবলৈ সক্ষম হোৱা ১৮নং গন্ধকৰৈ বিলনী প্ৰাথমিক বিদ্যালয়ত বৰ্তমান তিনিগৰাকী শিক্ষকৰ লগতে সৰ্বমুঠ ৯৪গৰাকী ছাত্ৰ=ছাত্ৰী আছে। এই গুণোৎসৱত বহী মূল্যায়ক, অতিৰিক্ত সমল ব্যক্তি, বিদ্যালয়খনৰ শিক্ষক আৰু ছাত্ৰ=ছাত্ৰীসকলৰ লগতে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি আৰু অভিভাৱকসকল উপস্থিত থাকে।


Post a Comment

0 Comments

Sarupathar Live

চৰাইবাহী বৈষ্ণৱজ্যোতি নামঘৰৰ মজিয়াত শিশুৰ দিহানাম || Naojan Korigaon News Today || Naojan News 2024