Header Ads Widget

Responsive Advertisement

Dilip Sharma news 2023



 দৈয়াংৰীয়া শাখা সাহিত্য সভাৰ কাৰ্যালয়ৰ দুৱাৰ মুকলি অনুষ্ঠান

ধনশিৰি মহকুমাৰ গেলাবিল ৰঙাগড়া গাঁৱ অঞ্চলৰ অৱসৰপ্ৰাপ্ত শিক্ষক দিলীপ শৰ্মাই নিজা পেঞ্চনৰ প্ৰায় তিনি লক্ষ টকা ব্যয় কৰি বৰপথাৰ নাহৰবাৰী গাঁৱত নিজ স্বৰ্গীয় পিতৃ মুক্তিনাথ শৰ্মাৰ সোঁৱৰণত দৈয়াংপৰীয়া শাখা সাহিত্য সভাৰ এটি কাৰ্যালয় নিৰ্মাণ কৰি দৈয়াংপৰীয়া শাখা সাহিত্য সভাক গতাই। আজি আনুষ্ঠানিকতাৰ মাজেৰে উক্ত কাৰ্যালয়টোৰ দুৱাৰ মুকলি অনুষ্ঠানৰ আয়োজন হয়। অনুষ্ঠানৰ আৰম্ভনিতে কাৰ্যালয়টোৰ চৌহদত বৃক্ষৰোপণ, পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণ কাৰ্যসূচী সম্পন্ন কৰে। কাৰ্যালয়টোৰ দুৱাৰ মুকলি কৰে গোলাঘাট জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পবিত্ৰ বৰবৰাই। লগতে দুৱাৰ মুকলি অনুষ্ঠানৰ মুকলি সভাৰ উদ্বোধন কৰে গোলাঘাটৰ জেষ্ঠ সাংবাদিক দিগন্ত কুনাৰ ভূঞাই। এই অনুষ্ঠানত উপস্থিত থাকে ধনশিৰি মহকুমাৰ বিভিন্ন প্ৰান্তৰ বহুকেইজন শিক্ষক=শিক্ষয়িত্ৰী তথা সাহিত্য কৰ্মী। দিলীপ শৰ্মাই দৈয়াং পৰীয়া শাখা সাহিত্য সভাৰ এটা বহু দিনীয়া অভাৱ দুৰ কৰি নিজে গৌৰৱ অনুভৱ কৰে।


Post a Comment

0 Comments

Sarupathar Live