স্বৰ্ণ কন্যা নয়নমণি শইকীয়াৰ গৃহত উপস্থিত হল আঙুৰলতা ডেকা।
আজি পুৱাই স্বৰ্ণকন্যা নয়নমণি শইকীয়াৰ বাসগৃহত সৌজন্যমুলকভাৱে উপস্থিত হল অসম ৰাজ্যিক মহিলা মৰ্চাৰ সভানেত্ৰী তথা বটদ্ৰৱা সমষ্টিৰ প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকা। উপস্থিত হৈয়েই নয়নমনি শইকীয়াৰ পৰিয়ালবৰ্গৰ সৈতে বিভিন্ন বাৰ্তালাপেৰে সকলোকে উৎসাহিত কৰে। তেখেতে কয় ঘৰৰ প্ৰতিজন সদস্যৰ অভূতপূৰ্ব সহাৰিৰ বাবেই আজি নয়নমণি শইকীয়া বিশ্ব দৰবাৰত জিলিকি পৰিছে। যিটো অত্যন্ত জৰুৰী আৰু গৌৰৱৰ কথা। তেখেতে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনকো প্ৰশংসা কৰে। বিধায়কজনে প্ৰতিটো সময়ত সমষ্টিটোৰ প্ৰতিজন খেলুৱৈকে সহায়=সহযোগিতা আগবঢ়াই গৈছে। অভিনেত্ৰী গৰাকীয়ে নয়নমণি শইকীয়াৰ কণমানি কন্যা তনয়াকো যথেষ্ট মৰম কৰে আৰু মাতৃৰ অনুপস্থিতত তাই সাহসেৰে আগবাঢ়ি মাকক সহযোগিতা কৰাটো সঁচাই প্ৰশংসনীয় কথা বুলি মন্তব্য কৰে। প্ৰায় এঘণ্টা সময় অতিবাহিত কৰি সভানেত্ৰী গৰাকী কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰগোহাঁই আৰু অসম কন্যা লাভলীনা বৰগোহাঁইৰ ঘৰলৈ ৰাওনা হয়।
0 Comments