Header Ads Widget

Responsive Advertisement

Barpathar news 2023


 ধনশিৰি মহকুমালৈ পুনৰ গৌৰৱ। এইবাৰ এই গৌৰৱ কঢ়িয়ালে ১৬নং টেঙানী দিঘলী প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক তথা বৰপথাৰ পাভজান গাঁৱৰ যুৱ খেলুৱৈ প্ৰাঞ্জল প্ৰতিম শৰ্মাই। দিল্লীৰ পেহলাদ পুৰত অনুষ্ঠিত হোৱা সৰ্বভাৰতীয় অসামৰিক সেৱা ২০২২=২৩ প্ৰতিযোগিতাৰ শক্তি উত্তোলন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি প্ৰাঞ্জল প্ৰতিম শৰ্মাই ৫৯কেজি শাখাত ব্ৰঞ্জৰ পদক পাবলৈ সক্ষম হয় আৰু সমগ্ৰ অসমৰ লগতে ধনশিৰি আৰু পাভজান গাঁওবাসীৰ মাজলৈ গৌৰৱ কঢ়িয়াই আনে। উক্ত প্ৰতিযোগিতালৈ অঞ্জন বুজৰ বৰুৱাৰ নেতৃত্বত যোৱা অসম সচিবালয়ৰ ১১জনীয়া অসম দলটোৰ ৭জন প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰি ৪জনে পদক পাবলৈ সক্ষম হয়। শিক্ষকতা কৰা বাবে প্ৰাঞ্জলে অনুশীলন কৰিবলৈ বিশেষ সময় পোৱা নাছিল যদিও কম সময় অনুশীলন কৰিয়েই এই সফলতা লাভ কৰাত ১৬নং দীঘলী প্ৰাথমিক বিদ্যালয়ৰ লগতে সমূহ পাভজানবাসীয়ে উচ্চ প্ৰশংসা কৰিছে। প্ৰাঞ্জলে ইয়াৰ আগতেও বহুবাৰ জিলা, ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আজুৰি আনিছিল। ২০২০ বৰ্ষত প্ৰাঞ্জল প্ৰতিম শৰ্মাই "ষ্ট্ৰঙ মেন অৱ ধনশিৰি=২০২০" খিতাপ লাভ কৰিছিল। প্ৰাঞ্জলে তেওঁক এই ক্ষেত্ৰত সহায় কৰা বৰপথাৰৰ প্ৰশিক্ষক পবিত্ৰ বুঢ়াগোহাঁই, সৰুপথাৰৰ প্ৰশিক্ষক অজয় চেতিয়া আৰু এন আই এচ প্ৰশিক্ষক শান্তনু গগৈক ধন্যবাদ জ্ঞাপন কৰে।


Post a Comment

0 Comments

Sarupathar Live

চৰাইবাহী বৈষ্ণৱজ্যোতি নামঘৰৰ মজিয়াত শিশুৰ দিহানাম || Naojan Korigaon News Today || Naojan News 2024