সৰুপথাৰত শ্বহীদ দিৱস উদযাপন
সৰুপথাৰ নগৰৰ ৰামধেনু মুকলি প্ৰেক্ষাগৃহত সৰুপথাৰ সমজিলা প্ৰশাসনৰ উদ্যোগত দিনযোৰা কাৰ্যসূচীৰে আজি "শ্বহীদ দিৱস" উদযাপন কৰে। ছবছৰীয়া অসম আন্দোলনৰ প্ৰথম গৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ স্মৃতিত প্ৰতিবছৰে ১০ডিচেম্বৰ তাৰিখে ৰাজ্যজুৰি শ্বহীদ দিৱস পালন কৰা হয়। আজি এই শ্বহীদ দিৱসটি কেন্দ্ৰীয়ভাৱে ৰাজ্য চৰকাৰে গুৱাহাটীত আয়োজন কৰাৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই শ্বহীদ স্মাৰক ক্ষেত্ৰ উদ্বোধন কৰে। আৰু এই কাৰ্যসূচী অসমৰ প্ৰতিখন জিলা আৰু সমজিলাত পোনপটীয়াকৈ সম্প্ৰচাৰিত হয়। সৰুপথাৰ সমজিলা প্ৰশাসনে আয়োজন কৰা শ্বহীদ দিৱসত গুৱাহাটীৰ পোনপটীয়া সম্প্ৰচাৰ উপভোগ কৰাৰ পিছত মুখ্য অতিথি হিচাপে উপস্থিত থকা বিধায়ক বিশ্বজিৎ ফুকনে ৮৬০গৰাকী শ্বহীদক স্মৰণ কৰি বন্তি প্ৰজ্বলন কৰে আৰু উপস্থিত ৰাইজক উদ্দেশ্যি শ্বহীদ দিৱস সন্দৰ্ভত তেখেতৰ ভাষণ আগবঢ়াই। অনুষ্ঠানৰ শেষত অনুষ্ঠানটিত উপস্থিত থকা ৮৩চনৰ অসম আন্দোলনত আত্ম বলিদান দিয়া সৰুপথাৰ অঞ্চলৰ শ্বহীদ দেবেশ্বৰ বৰা, শ্বহীদ অনিল বৰা আৰু শ্বহীদ তিলক ডেকাৰ পৰিয়ালবৰ্গৰ হৈ উপস্থিত থকা সদস্য তিনিগৰাকীক সৰুপথাৰ সমজিলা প্ৰশাসনৰ হৈ বিধায়ক বিশ্বজিৎ ফুকনে সম্বৰ্ধনা জনাই। অনুষ্ঠানৰ শেষত এটি মহিলা দলৰ সমবেত সঙ্গীত পৰিৱেশনৰ দ্বাৰা অনুষ্ঠানৰ সামৰণি মাৰে। অনুষ্ঠানটিত সৰুপথাৰ সমজিলা প্ৰশাসনৰ হৈ সমজিলা আয়ুক্ত মানসজ্যোতি নাথকে ধৰি বহুকেইগৰাকী প্ৰশাসনিক বিষয়া আৰু যথেষ্ট সংখ্যক ৰাইজ উপস্থিত থাকে।

0 Comments