Header Ads Widget

Responsive Advertisement

নিযুত মইনা আঁচনিৰ চেক বিতৰণ | Sarupathar nijut moina asoni news 2025 | Nijut moina asoni news today


সমগ্ৰ ৰাজ্যৰ লগতে সৰুপথাৰতো নিযুত মইনা আঁচনিৰ চেক বিতৰণ।

সমগ্ৰ ৰাজ্যৰ লগৰে আজি সৰুপথাৰতো ৰংঘৰ ৰাজহুৱা ভৱন প্ৰাঙ্গনত মুখ্যমন্ত্ৰীৰ অভিলাসী আঁচনি নিযুত মইনা আঁচনিৰ চেক বিতৰণ কৰা হয়। সাংস্কৃতিক বিষয়া টুহিনা শইকীয়াই আঁত ধৰা অনুষ্ঠানটোত আদৰণি ভাষণ প্ৰদান কৰে সৰুপথাৰ সমজিলা আয়ুক্ত মানস জ্যোতি নাথে। সৰুপথাৰ মহাবিদ্যালয় আৰু বৰপথাৰ মহাবিদ্যালয়ৰ ছাত্ৰী সকলৰ মাজত চেক বিতৰণ হোৱা অনুষ্ঠানটোত সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে ছাত্ৰী সকলক উদ্দেশ্যি তেওঁৰ বক্তব্য আগবঢ়াই। পৰৱৰ্তী সময়ত সৰুপথাৰ মহাবিদ্যালয় আৰু বৰপথাৰ মহাবিদ্যালয়ৰ মুঠ বাৰশ ছাত্ৰীৰ মাজত বিধায়ক গৰাকীয়ে চেক বিতৰণ কৰে। ছাত্ৰী সকলে এই নিযুত মইনা আঁচনিৰ জৰিয়তে লাভ কৰা ধনৰাশি তেওঁলোকৰ শিক্ষামূলক জীৱনৰ বিভিন্ন অভাৱ অভিযোগ পুৰণ কৰি আগুৱাই যোৱাত সহায় হব।


 

Post a Comment

0 Comments

Sarupathar Live

আগন্তুক ডিচেম্বৰ মাহৰ ২৭ আৰু ২৮ তাৰিখে Northeast Best Dancer আৰু Northeast Fashion Starৰ Semi Finale