ডিব্ৰুগড় জিলাত অনুষ্ঠিত সদ্য সমাপ্ত সদৌ অসম ভিত্তিত ভাৰত্তোলন প্ৰতিযোগিতাত ৰূপৰ পদক অৰ্জন কৰা স্বাধীন তাচা নামৰ এজন প্ৰতিভাৱান ছাত্ৰৰ কৰুণ কাহিনী। ছাত্ৰজনৰ ঘৰ সৰুপথাৰ সমষ্টিৰ গন্ধকৰৈ গাঁও পঞ্চায়তৰ অন্তৰ্গত ২নং গন্ধকৰৈ গাঁৱত। স্বাধীন তাচাৰ মাতৃ নাই। তেওঁৰ সাত বছৰ বয়সতে মাতৃৰ বিয়োগ ঘটিছিল। পিতৃ মনেশ্বৰ তাচা এজন ৰুগীয়াল ব্যক্তি। তেওঁ দিন হাজিৰা কৰি কোনোমতে ঘৰখন চলাই আছে। পুত্ৰ স্বাধীন তাচা বৰ্তমান সৰুপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ একাদশ শ্ৰেণীৰ ছাত্ৰ। স্বাধীনৰ আছে অনন্য প্ৰতিভা। তেওঁ সদ্য সমাপ্ত ডিব্ৰুগড় জিলাত অনুষ্ঠিত সদৌ অসম ভিত্তিত ভাৰত্তোলন প্ৰতিযোগিতাত ৰূপৰ পদক অৰ্জন কৰি সৰুপথাৰ অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনে। সপ্তম শ্ৰেণীত পঢ়ি থকাৰ সময়ৰ পৰাই স্বাধীনে খেলা=ধুলা আৰম্ভ কৰিছিল। বিগত বৰ্ষত স্বাধীনে সৰুপথাৰ ৰামধেনু মুকলি মঞ্চত অনুষ্ঠিত সদৌ অসম ভিত্তিত ভাৰত্তোলন প্ৰতিযোগিতাতো ব্ৰঞ্জৰ পদক পাবলৈ সক্ষম হৈছিল। কিন্তু পিতৃৰ অসুখ হবৰে পৰা স্বাধীন বাৰুকৈয়ে চিন্তিত হৈ পৰিছে। কাৰণ পৰিয়ালত তেওঁৰ পিতৃৰ বাহিৰে কোনো নাই। পিতৃ মনেশ্বৰ তাচাই বহুত কষ্টৰে নৰীয়া দেহাৰে কঠোৰ পৰিশ্ৰম কৰি স্বাধীনক আগবঢ়াই নিছে। ঘৰ বুলিবলৈ টিনৰ চাল আৰু সামান্য দুখনমান ওৱলি যোৱা বেৰা। দৰ্জা খিৰিকী বুলিবলৈ নাই। এজাক বৰষুণ দিলেই ঘৰৰ পৰা বেলেগৰ ঘৰলৈ দৌৰ মাৰিব লগীয়া অৱস্থা হয় তেওঁলোকৰ। এখন সাধাৰণ বাঁহেৰে সজা বিচনাতে পিতা=পুত্ৰই নিশা কটাই। ঘৰখনত বিজুলীৰ যোগানো নাই। চাকিৰ পোহৰতে স্বাধীনে পঢ়া=শুনা কৰে। ইমানৰ পিছতো কিন্তু কোনোধৰণৰ চৰকাৰী ঘৰ বা অন্যান্য চৰকাৰী আঁচনি লাভ কৰা নাই। বিভিন্ন দল=সংগঠন বিলাকৰো স্বাধীনৰ ঘৰখনত এতিয়ালৈকে চকু পৰা নাই। সেয়েহে পিতৃ মনেশ্বৰ তাচাই তেওঁলোকক আৰু পুত্ৰ স্বাধীনৰ পঢ়া=শুনাকে ধৰি খেলা=ধুলা কৰাৰ ক্ষেত্ৰত কিছু সহায়ৰ হাত আগবঢ়াবলৈ অসম চৰকাৰৰ ওচৰত প্ৰাৰ্থনা জনাইছে। কিন্তু এইসমূহ দুৰ্ভগীয়া লোক চৰকাৰৰ দৃষ্টিত পৰিবনে?
0 Comments