হেমন্ত শইকীয়া নামৰ এজন ছাত্ৰৰ কৰুণ কাহিনী। ছাত্ৰজনৰ ঘৰ সৰুপথাৰৰ ছেৱাগুৰি ধনশিৰিপাৰত। তেওঁ ২০১৮চনত সৰুপথাৰ মহাবিদ্যালয়ত উচ্চতৰ মাধ্যমিকৰ দ্বাদশ শ্ৰেণীত পঢ়ি থকা অৱস্থাতে পঢ়া সামৰিলে। কাৰণ হেমন্ত শইকীয়া নামৰ প্ৰতিভাৱান ছাত্ৰজন মানসিকভাৱে অসুস্থ হৈ পৰিল। পঢ়ি থকা দিনবিলাকত হেমন্তই অতি সুন্দৰ সুন্দৰ কবিতা লিখিছিল আৰু আবৃত্তি কৰিছিল। কিন্তু মানসিক ৰোগত আক্ৰান্ত হোৱাৰ পৰাই ছাত্ৰজনৰ সকলো প্ৰতিভা অন্ত হৈ পৰে। তাৰ মাজতে আকৌ হেমন্তৰ মাতৃৰো বিয়োগ ঘটিল। মাতৃ বিয়োগৰ শোকে তেওঁৰ অন্তৰত বেয়াকৈ চাপ বহুৱালে। যাৰবাবে হেমন্তৰ মানসিক অৱস্থা অধিক বেয়া হৈ গল। বৰ্তমান সময়ত হেমন্তই মন গলেই ঘৰৰ পৰা ওলাই যায়। কেতিয়াবা ছমাহ পৰ্যন্ত ঘৰলৈ ওভটি নাহে। কেতিয়াবা ৰেলৰ চিৰিত নতুবা ৰেলৱে ষ্টেচনত বহি থাকে। পিতৃ বিতুল শইকীয়াই মাজতে হেমন্তক চিকিৎসাও কৰিছিল। কিন্তু আৰ্থিক অৱস্থা টনকিয়াল নোহোৱা বাবেই সুস্থ কৰি তুলিব নোৱাৰিলে। বৰ্তমান হেমন্তক চম্ভালিবলৈ পিতৃ বিতুল শইকীয়াৰ যথেষ্ট অসুবিধা হৈছে। সেয়েহে হেমন্তৰ চিকিৎসাৰ বাবে কোনোবা NGO বা চৰকাৰৰ পৰা সহায়ৰ হাত বিচাৰিছে পিতৃ বিতুল শইকীয়াই। কোনো হৃদয়বান ব্যক্তিয়ে হেমন্তৰ চিকিৎসাৰ বাবে সহায় কৰিব বিছাৰিলে 70862 27258 মোবাইল নম্বৰত যোগাযোগ কৰিব পাৰিব।
0 Comments