Header Ads Widget

Responsive Advertisement

Aamsu news 2024


সম্প্ৰীতি গঢ়াৰ উদ্দেশ্যৰে গোলাঘাট আমছুৰ কৰ্মশালা।


মঙ্গলবাৰে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন গোলাঘাট জিলা সমিতি আৰু নাওজান আঞ্চলিক সমিতিৰ উদ্যোগত এখনি কৰ্মশালা অনুষ্ঠিত হয়। উক্ত কৰ্মশালাত আমছুৱে সকলো ৰাইজৰ লগত সম্প্ৰীতি আৰু সমন্বয় গঢ়াৰ উদ্দেশ্যৰে আমছুৰ সদস্যসকলক প্ৰশিক্ষণ প্ৰদান কৰে। উক্ত প্ৰশিক্ষণত সকলো ৰাইজৰ মাজত সদ্ভাৱ সম্প্ৰীতি অটুট ৰাখি সকলোৱে যাতে সমিলমিলে আগবাঢ়ি যাব পাৰে তাৰ বাবে সদস্যসকলৰ মাজত কিছুমান গুৰুত্বপূৰ্ণ দিশ আলোচনা কৰে। লগতে অসমৰ বিভিন্ন প্ৰান্তৰ দৰিদ্ৰ পৰিয়ালৰ উঠি অহা ছাত্ৰ=ছাত্ৰী সকলক শিক্ষাৰ ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়াই তেওঁলোকক যাতে সুনাগৰিক হিচাবে গঢ়ি তুলিব পাৰে সেই ক্ষেত্ৰটো বিতং আলোচনা কৰে।


 

Post a Comment

0 Comments

Sarupathar Live