ক্ৰীড়াৰ ক্ষেত্ৰত দৈনিক সু=নাম কঢ়িয়াবলৈ সক্ষম হৈছে সৰুপথাৰে। এইবাৰ আন্তৰাষ্ট্ৰীয় প্ৰতিযোগিতাত সৰুপথাৰৰ নিশামণি বৰাই তৃতীয় স্থান দখল কৰি সমগ্ৰ দেশৰ লগতে সৰুপথাৰবাসীক গৌৰাৱাম্বীত কৰিলে। নিশামণি বৰাই কেৰালা পৰ্যটন বিভাগৰ উদ্যোগত ২৬ডিচেম্বৰৰ পৰা ২৯ডিচেম্বৰলৈকে অনুষ্ঠিত Beypore International Water Festivalত ৩য় স্থান লাভ কৰিবলৈ সক্ষম হৈছে। নিশামণিয়ে অসমৰ প্ৰথম গৰাকী চেইলাৰ হিচাবে প্ৰতিনিধিত্ব কৰি mix category wing surfingত অংশ গ্ৰহণ কৰিছিল। বৰ্তমান নিশামণি কেৰেলাতে আছে। সৰুপথাৰ মহাবিদ্যালয়ত অধ্যয়ন কৰা ছাত্ৰীগৰাকীৰ সফলতাত এতিয়া সমগ্ৰ ধনশিৰিবাসী উৎফুল্লিত হৈ পৰিছে। ধনশিৰিবাসীৰ বাবে এটা অচিনাকি তথা কঠিন প্ৰতিযোগিতাত সৰুপথাৰৰ নিচিনা ভিতৰুৱা ঠাইৰ পৰা গৈ আন্তৰাষ্ট্ৰীয় পৰ্যায়ত অংশগ্ৰহণ কৰি তৃতীয় পুৰস্কাৰ বুটলিবলৈ সক্ষম হোৱাত সমগ্ৰ ধনশিৰিবাসীয়ে শুভেচ্ছা আৰু অভিনন্দন জনাইছে। নিশামণি সৰুপথাৰ অঞ্চলৰ নগাজুৰি দ'চুক গাঁওৰ বিপুল বৰা আৰু ৰুণু বৰাৰ কন্যা।
0 Comments