যুৱতী হৈ যুৱতীৰ লগত প্ৰেম কৰা হাচিনা বেগমক পিতৃৰ ত্যাজ্য পুত্ৰী ঘোষণা।
শুনিলেই অসজা অসজা লগা এটি ঘটনা। সৰুপথাৰ উৰিয়ামঘাট অঞ্চলৰ বিদ্যাপুৰ গাঁওৰ ম: মইন উদ্দিনৰ কনিষ্ঠা কন্যা মিচ হাচিনা বেগম ওৰফে তনবীৰ খান। যুৱতী গৰাকীয়ে সমাজৰ বিপৰীতে গৈ কৰিলে এটি আচৰিত ঘটনা। পিতৃয়ে জনোৱা মতে মেট্ৰিক পাছ কৰি হাচিনাই প্ৰায় তিনবছৰমানৰ আগতেই যোৰহাটৰ এটি NGOত কাম কৰিবলৈ ঘৰৰ পৰা ওলাই গৈছিল। ঘটনাৰ আৰম্ভনি তেতিয়াৰে পৰা। বিদ্যাপুৰৰ মিচ হাচিনা ওৰফে তনবীৰ খানে সেই NGOতে কাম কৰা অন্য এগৰাকী যুৱতী কৰিশ্মা দাসৰ প্ৰেমত পৰিল। প্ৰেম ক্ৰমাৎ বৃদ্ধি পালে। হাচিনাক নিজৰ life style সলনি কৰাৰ উদ্দেশ্যৰে কৰিশ্মাই তাইক গুৱাহাটীলৈ জোৰ কৰি পথালে আৰু পৰৱৰ্তী সময়ত কৰিশ্মা দাস বোলা যুৱতী গৰাকীও গুৱাহাটীলৈ আহি দুয়ো একেলগে থাকিবলৈ ললে। দুয়োৰে প্ৰেম গভীৰৰ পৰা গভীৰ হৈ engagement কৰিলে। পৰিয়ালৰ লোকে উক্ত কথা গম পাই বহুত বুজাই পৰাইও হাচিনাক ঘৰলৈ ওভতাই আনিব নোৱাৰিলে। সংবাদ মাধ্যমত তেওঁলোকৰ প্ৰেম আৰু engagementৰ বিষয়ে ভাইৰেল হল। যাৰবাবে পিতৃ=মাতৃ আৰু পৰিয়ালৰ লোকে নিজেই লজ্জা অনুভৱ কৰিলে। শেষত পৰিয়ালৰ সকলো লোক উপায়ন্তৰ হল আৰু আজি বুধবাৰে পিতৃ মইন উদ্দিনে সৰুপথাৰৰ কৰ্টত উপস্থিত হৈ সম্পুৰ্ণ আইনি পক্ৰিয়াৰে নিজ কন্যা হাচিনা বেগম ওৰফে তনবীৰ খানক ত্যাজ্য পুত্ৰী ঘোষণা কৰিলে। আজিৰে পৰা হাচিনা ওৰফে তনবীৰ খানৰ পৰিয়ালৰ লগত কোনো সম্পৰ্ক নাই তথা সকলো স্থাবৰ অস্থাবৰ সম্পত্তিৰ পৰা অধিকাৰ খৰ্ব কৰিলে বুলি পিতৃ মইন উদ্দিনে সংবাদ মাধ্যমক জনালে। বৃক্ক ৰোগত আক্ৰান্ত অসুখীয়া পিতৃ তথা পৰিয়ালবৰ্গ মানসিকভাৱে ভাঙি পৰিছে। তেওঁলোকে সমাজৰ বিপৰীতে তথা নিজা ধৰ্ম আৰু পৰম্পৰা উলংঘা কৰা বাবেই মিচ হাচিনা বেগম ওৰফে তনবীৰ খানৰ ওপৰত এই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে।
0 Comments