দ্বিপ্তীজ্যোতি বাপ্তিষ্ট মণ্ডলীৰ গীৰ্জাঘৰত বৰদিনৰ পূৰ্ণ প্ৰস্তুতি।
পবিত্ৰ বৰদিনলৈ মাজত মাত্ৰ এটা দিন। দেশৰ বিভিন্ন প্ৰান্তৰ লগতে সৰুপথাৰতো বৰদিনৰ ব্যাপক প্ৰস্তুতি চলিছে। সৰুপথাৰ নগৰৰ ১নং পদুমণি অঞ্চলৰ দ্বিপ্তীজ্যোতি বাপ্তিষ্ট মণ্ডলী গীৰ্জাঘৰত যুৱচামে দ্ৰুতগতিত চলাইছে প্ৰস্তুতি। সকলো ডেকা=গাভৰু মিলি আটক=ধুনীয়াকৈ সজাই পৰাই তুলিছে গীৰ্জাৰ চৌহদ। ১নং পদুমণি অঞ্চলৰ প্ৰায় ৬০ঘৰ মানুহ মিলি সকলোৱে অতি আনন্দ আৰু উল্লাসৰ মাজেৰে পবিত্ৰ বৰদিন উদযাপন কৰি আহিছে। বৰদিনৰ দিনটোত তেওঁলোকে যিশুখ্ৰীষ্ট জন্মৰ বিষয়ে বাইবেলৰ বিভিন্ন শিক্ষাকে ধৰি প্ৰাৰ্থনা আৰু নানান সাংস্কৃতিক অনুষ্ঠান সম্পন্ন কৰিব। ১৯২২চনতে প্ৰতিষ্ঠা হোৱা এই গীৰ্জাঘৰটোৱে গৌৰৱেৰে ১০০বছৰ সম্পুৰ্ণ কৰিলে।
0 Comments