অসম আৰক্ষীক পুনৰ লজ্জানত কৰিলে চুঙাজান আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নুৰ জাহাঙ্গীৰ আহমেদৰ কৰ্ম কাণ্ড ই। মাজ নিশা OC ৰ কোঠাত উদ্ধাৰ যুৱতী। ৰাইজে OC ৰ কোঠাত লগালে তলা।
গোলাঘাট জিলাৰ চুঙাজান আৰক্ষী থানাত নিশা উত্তপ্ত পৰিস্থিতি। চুঙাজান আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নুৰ জাহাঙ্গীৰ আহমেদে থানা চৌহদত থকা কোঠাত নিশা এগৰাকী যুৱতী লৈ থকাৰ খৱৰ ৰ পিছত উত্তপ্ত হৈ পৰে থানা চৌহদ। এই খৱৰ বিয়পি পৰাৰ লগে লগে স্থানীয় ৰাইজে থানা ঘেৰাও কৰি অচি জাহাংগীৰৰ কোঠা তলা মাৰি আৰক্ষীৰ শীৰ্ষ বিষয়াক খৱৰ দিয়ে। জানিব পৰা মতে অচি জাহাঙ্গীৰ বিবাহিত। অচি জাহাংগীৰে প্ৰায়ে এনেদৰে মহিলা যুৱতী তেওঁৰ কোঠা লৈ আনি থাকে এই অভিযোগ স্থানীয় ৰাইজৰ । আজি অনুৰূপ ঘটনা সংঘটিত কৰাৰ খৱৰ পাই ৰাইজে হাতে লুটে ধৰা পেলাই শীর্ষ আৰক্ষী বিষয়াক খৱৰ দিয়ে। নিশা ধনশিৰি মহকুমাৰ মহকুমা আৰক্ষী বিষয়া চুঙাজান আৰক্ষী থানাত উপস্থিত হৈ অচি ৰ কোঠাৰ পৰা যুৱতী গৰাকীক উদ্ধাৰ কৰি সোধাপোছা কৰে। আৰক্ষীৰ প্ৰাথমিক তদন্তত যুৱতী গৰাকীয়ে নিজকে কটন কলেজৰ অধ্যনৰত ছাত্রী বুলি দাবি কৰে। স্থানীয় ৰাইজে চুঙাজান আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নুৰ জাহাঙ্গীৰ আহমেদৰ বিৰুদ্ধে ঘটনা সন্দৰ্ভত চুঙাজান থানাত গোছৰ তৰে। আৰক্ষীৰ তদন্ত অব্যাহত।
0 Comments