চতিয়নী পূজা সমিতিয়ে দিব্যাংগ শিশুৰ সৈতে উদযাপন কৰিলে দিপাৱলী।
পোহৰৰ উৎসৱ দিপাৱলীৰ সন্ধিয়া সৰুপথাৰ চতিয়নী সাৰ্বজনীন দূৰ্গা পূজা সমিতিয়ে বৰপথাৰ বৰপাভজান গাঁওত অৱস্থিত ধৰম শক্তি মনোবিকাশ কেন্দ্ৰৰ পৰা দিব্যাংগ ব্যক্তি আৰু শিশুসকলক গাড়ীৰে আনি তেওঁলোকে আয়োজন কৰা কালী পূজাৰ থলীত সসন্মানে জনালে সেৱা=শুশ্ৰূষা। পূজা সমিতিৰ বিষয়ববীয়া সকলে দিব্যাংগ শিশুসকলৰ দ্বাৰা কালী পূজাৰ বন্তি প্ৰজ্বলন কৰি মাৰ আশীৰ্বাদ গ্ৰহণ কৰাৰ লগতে তেওঁলোকক চাহ=মিঠাই খোৱাই আৰু প্ৰতিগৰাকী দিব্যাংগ ব্যক্তি তথা শিশুসকলক সুন্দৰভাৱে আপ্যায়ন কৰাই। পূজা সমিতিখনে এইসকল দিব্যাংগ ব্যক্তিক তেওঁলোকৰ অন্ধকাৰময় জীৱনৰ বিষাদ বেদনা আঁতৰ কৰি কিছু মুহূৰ্তৰ বাবে হলেও পোহৰৰ উৎসৱটি উদযাপন কৰাৰ আনন্দ প্ৰদান কৰে আৰু কালী মাৰ চৰণত তেওঁলোকৰ জীৱন পোহৰাই তুলিবলৈ প্ৰাৰ্থনা জনাই। শেষত তেওঁলোকক কিছু গৰম ব্ৰস্ত্ৰ বিতৰণ কৰি পুনৰ বৰপাভজান গাঁওৰ কেন্দ্ৰটিত থৈ আহে। পবিত্ৰ দিনটোত পূজা সমিতিখনে দিব্যাংগ ব্যক্তি আৰু শিশুসকলৰ দুখ আৰু কষ্টৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰাৰ লগতে ৰাইজকো এইসকল পবিত্ৰ শিশুক সহায় আগবঢ়াবলৈ কৰযোৰে প্ৰাৰ্থনা জনাই। জানিব পৰা মতে দিব্যাংগ শিশুসকলক লৈ সঞ্চালক ৰাজু শইকীয়াৰ নেতৃত্বত চলি থকা বৰপথাৰ বৰপাভজান গাঁওৰ ধৰম শক্তি মনোবিকাশ কেন্দ্ৰটি বৰ্তমান আৰ্থিক সংকটত ভুগিছে। যাৰবাবে প্ৰতিষ্ঠানটোৱে বহুতো দুখ=কষ্টৰ মাজেৰে সময় অতিবাহিত কৰিবলগীয়া হৈছে। সেয়েহে এই পবিত্ৰ আৰু মহান প্ৰতিষ্ঠানটোক কোনো হৃদয়বান লোকে আৰ্থিকভাৱে সহায় কৰিব বিচাৰিলে প্ৰতিষ্ঠানটোৰ বৰপথাৰ শাখাত থকা অসম গ্ৰামীণ বিকাশ বেংকৰ A/C No- 7214010002153, IFSC Code- PUNB0RRBAGB একাউণ্ট নম্বৰত সহায় কৰিব পাৰিব।
0 Comments