Header Ads Widget

Responsive Advertisement

Sarupathar Municipal Board



সৰুপথাৰত প্লাষ্টিক ব্যৱহাৰকাৰী ব্যৱসায়িক পৌৰসভাৰ কাৰ্যবাহী বিষয়া আৰু পৌৰপতিৰ ধমক

আজি সৰুপথাৰ নগৰৰ ব্যৱসায় প্ৰতিষ্ঠানসমূহত সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনৰ অনুৰোধ মৰ্মে সৰুপথাৰ পৌৰসভাই আৰক্ষী প্ৰশাসনৰ সহযোগত চলালে এক বিশেষ অভিযান। বিধায়ক বিশ্বজিৎ ফুকনে সৰুপথাৰ নগৰক প্লাষ্টিক মুক্ত কৰাৰ বাবে আগৰে পৰা সকলো জনসাধাৰণ তথা ব্যৱসায়ী সকলক অনুৰোধ জনাই আহিছে। কিন্তু বহুতো ব্যৱসায়ীয়ে বিধায়ক তথা পৌৰসভাৰ কথা আৰু অনুৰোধক অমান্য কৰি নিজৰ মনমৰ্জি মতে প্লাষ্টিক ব্যৱহাৰ কৰি আহিছে। সেয়েহে আজি হঠাৎ বিধায়ক বিশ্বজিৎ ফুকনৰ অনুৰোধত দোকানে দোকানে পৌৰসভাই চাডেন ভিজিট কৰে। তেওঁলোকে এই অভিযানত কেইবাখনো দোকানৰ পৰা যথেষ্ট সংখ্যক প্লাষ্টিক জাতীয় সামগ্ৰী আৰু প্লাষ্টিক পলিথিন জব্দ কৰে। ইয়াৰ উপৰিও সৰুপথাৰ নগৰৰ ৰেলৱে ক্ৰচিংৰ সমীপত থকা ইনষ্টা কাৰ্ট নামৰ এটি অনলাইন ব্যৱসায় প্ৰতিষ্ঠানে কাষতে জাবৰ জোথৰ পেলাই এক ডাম্পিং গ্ৰাউন্দ সদৃশ পৰিৱেশৰ সৃষ্টি কৰা পৰিলক্ষিত হয়। সেয়েহে সৰুপথাৰ পৌৰসভাৰ কাৰ্যবাহী বিষয়া সুতৃষ্ণা বৰদলৈ আৰু পৌৰপতি উষা আগৰৱালাই প্ৰতিষ্ঠানটোৰ মেনেজাৰ জনক ধমক লগাই আৰু প্ৰতিষ্ঠানটোৱে জৰিমনা দিবলৈ অমান্য হোৱাত তলা লগাই বন্ধ কৰি দিয়ে। এই অভিজানত পৌৰসভাই কেইবাখনো দোকানক ৫০০ টকাৰ পৰা ৫০০০ টকা পৰ্যন্ত জৰিমনা বিহে আৰু সকলোকে ডাষ্টবিন ব্যৱহাৰ কৰি সৰুপথাৰ নগৰখনক প্লাষ্টিক মুক্ত আৰু পৰিষ্কাৰ পৰিছন্ন কৰি ৰাখিবলৈ অনুৰোধ জনাই।

Post a Comment

0 Comments

Sarupathar Live

মধ্যমপুৰত ৰাস মহোৎসৱৰ ব্যাপক প্ৰস্তুতি | Madhyampur Rakh Puja 2024 | Sarupathar Madhyampur Rakh 2024