✍️সৰুপথাৰত যোৱানিশা ধুমুহাৰ তাণ্ডৱ।
✍️সন্ধিয়া ৮মান বজাত অহা এজাক ধুমুহা বৰষুণৰ ফলত ১নং গন্ধকৰৈ আৰু ২নং গন্ধকৰৈ গাঁওত যথেষ্ট ক্ষতি সাধন হয়।
✍️গন্ধকৰৈ গাঁওৰ তিৰুৱাল নামঘৰত এজোপা প্ৰকাণ্ড গছ ঢ়লি পৰাৰ ফলত নামঘৰটোৰ সন্মুখভাগ চূৰ্ণ=বিচূৰ্ণ হৈ যায়।
✍️ইয়াৰ উপৰিও গাওখনৰ সৰহ সংখ্যক লোকৰ বাৰীৰ তামোল গছকে ধৰি বিভিন্ন মূল্যবান গছ ভঙাৰ লগতে ঘৰৰ টিনপাত উৰুৱাই লৈ যায়।
✍️গাঁওখনৰ বহু ঠাইত গছ ভাঙি ৰাস্তা ব্লক হোৱাৰ লগতে বিদ্যুতৰ তাৰ চিঙাৰ ফলত বিদ্যুত সংযোগ ব্যাহত হৈ পৰে।
0 Comments