উৰিয়ামঘাটত সংঘটিত হৈছে মহিলা অপহৰণ কাণ্ড।
ধনশিৰি মহকুমাৰ উৰিয়ামঘাট আৰক্ষী থানাৰ অন্তৰ্গত লক্ষীপথাৰ গাঁওৰ ৰামানন্দ চাঁও নামৰ এজন ব্যক্তিৰ কন্যা সংগীতা চাঁওক অপহৰণ কৰা ঘটনা পোহৰলৈ আহিছে। জানিব পৰা তথ্য মতে লক্ষীপথাৰ গাঁওৰ সংগীতা চাঁও নামৰ বিবাহিত মহিলা এগৰাকীৰ পৰা বৰবিল শংকৰপুৰ অঞ্চলৰ মুনিন্দ্ৰ শইকীয়া নামৰ এজন ব্যক্তিয়ে নিজ বাৰীৰ তামোল দিম বুলি চুক্তি কৰি আঢ়ৈ লাখ টকা লৈছিল। কিন্তু তাৰপিছৰে পৰা মুনিন্দ্ৰ শইকীয়া নামৰ লোকজনৰ খবৰ খাতি নাছিল। অপহৃত মহিলা গৰাকীৰ পিতৃয়ে জনোৱা মতে যোৱা দেওবাৰে মুনীন্দ্ৰ শইকীয়াই তেওঁৰ ভাগিনক সংগীতা চাঁওৰ ঘৰলৈ পঠাই পইছা=পাতিৰ হিচাব=নিকাচ কৰিম বুলি বৰবিলৰ নিজ গৃহলৈ মাতি পঠিয়ালে। ৪৪বছৰীয়া সংগীতা চাঁও নামৰ মহিলা গৰাকীয়েও নিজৰ পাবলগীয়া ধনখিনি পোৱাৰ আশাত দেওবাৰে ৰাতিপুৱা ৮মান বজাত গা=পা ধুই বৰবিল অঞ্চলৰ মুনীন্দ্ৰ শইকীয়াৰ ঘৰলৈ ওলাই গৈছিল। কিন্তু গল যি গল আৰু আজি পৰ্যন্ত উভতি নাহিল। খা খবৰ লবলৈও মুনীন্দ্ৰ শইকীয়া আৰু সংগীতা চাঁওৰ দুয়োৰে মোবাইল ফোন চুইটচ অফ। সেয়েহে উপায়হীন হৈ পিতৃ ৰামানন্দ চাঁওৱে উৰিয়ামঘাট আৰক্ষী থানাত সোমবাৰে এখন এজাহাৰ দাখিল কৰে। সংগীতা চাঁওৰ পিতৃয়ে মুনীন্দ্ৰ শইকীয়াই টকা=পইছাৰ হিচাপ=নিকাচ কৰাৰ চলেৰে তেওঁৰ জীয়েকক অপহৰণ কৰিছে বুলি অভিযোগ কৰিছে আৰু ছোৱালীজনীক সুকলমে উদ্ধাৰ কৰিবলৈ উৰিয়ামঘাট আৰক্ষীক অনুৰোধ জনাইছে। ইফালে মহিলা গৰাকীৰ স্বামীৰ কলিকতাত ঘৰ আৰু তাতেই এটি কোম্পানীত চাকৰি কৰে বুলি পৰিয়ালবৰ্গই জনাইছে। আনহাতে সংগীতা চাঁওৰ এটি ৬বছৰীয়া পুত্ৰ সন্তানো ঘৰখনত আছে। ইতিমধ্যে সংগীতা চাঁওৰ স্বামী কলিকতাৰ পৰা আহি আছে বুলি জানিব পৰা গৈছে।
0 Comments