Header Ads Widget

Responsive Advertisement

All santal student union sarupathar news 2023


গোলাঘাট জিলা সমিতিৰ উদ্যোগত ,গোলাঘাট বাসী ৰাইজৰ সহযোগত  মাজিগাঁও প্ৰাথমিক বিদ্যালয় খেলপথাৰত তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা সদৌ চাৱতাল ছাত্ৰ সন্থাৰ ত্ৰয়োদশ কেন্দ্ৰীয় অধিবেশনৰ আজি দ্বিতীয় দিন । দ্বিতীয় দিনাৰ কায্যসূচী অনুসৰি পুৱা পতাকা উত্তোল কৰে সদৌ চাওতাল ছাত্ৰ সন্থাৰ সভাপতি মিন্টু হেমৰম আৰু উদযাপন সমিতিৰ সভাপতি দ্বীপেন কুমাৰ বৰাই ।স্মৃতি তৰ্পণ কৰে সদৌ চাওঁতাল ছাত্ৰ সন্থাৰ সম্পাদক ৰিমান  চৰেনে । ইয়াৰ পাছতে অধিবেশন স্থলীত পৰম্পৰাগত মাজি থান, জাহেৰ থান উদ্বোধন কৰা  হয় । বিয়লি অধিবেশনৰ স্থলীত  " কাৰিকৰী আৰু কৌশলগত শিক্ষাৰ ওপৰত অসমৰ যুৱক যুৱতীৰ গুৰুত্ব" শীৰ্ষক এখনি বিশেষ আলোচনা চক্ৰ অনুষ্ঠিত হয়  । উক্ত আলোচনা চক্ৰত আলোচক হিচাপে উপস্থিত থাকে সৰুপথাৰ মহাবিদ্যালয়ৰ অধ্যপিকা মণিপ্ৰভা বৰা , ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি অভিজিৎ শইকীয়াৰৰ লগতে ভালেকেইজন বিশিষ্ট  ব্যক্তি উপস্থিত থাকে । লগতে চাৱতাল ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় অধিবেশনৰ এখনি স্মৃতি গ্ৰন্থ উন্মোচন কৰা হয় । স্মৃতি গ্ৰন্থ খনি উন্মোচন কৰে সৰুপথাৰ মহাবিদ্যালয়ৰ অধ্যাপক  সত্যৱত দত্তই । অধিবেশনৰ দ্বিতীয় দিনাৰ উক্ত কায্যসূচী সমূহত বিভিন্ন প্ৰান্তৰ প্ৰায় পাঁচ সহস্ৰাধিক ৰাইজ উপস্থিত থকা পৰিলক্ষিত হয় ।

Post a Comment

0 Comments

Sarupathar Live

মধ্যমপুৰত ৰাস মহোৎসৱৰ ব্যাপক প্ৰস্তুতি | Madhyampur Rakh Puja 2024 | Sarupathar Madhyampur Rakh 2024